মাত্ৰ কেইমাহমান পূৰ্বে চন্দ্ৰযান-৪ অভিযানে চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিছে । এই অভিযান সম্পূৰ্ণ কৰিবলৈ চৰকাৰে ইছৰোক ২১০৪.০৬ কোটি টকা অনুমোদন জনাইছে । চন্দ্ৰযান-৪ অভিযান বহু দিশত এক আশ্চৰ্যকৰ অভিযান হ’ব । এই আশ্চৰ্যকৰ কাম হ’ব-
১/ মহাকাশত সংযুক্ত হ’ব চন্দ্ৰযান-৪ৰ দুটা অংশ । পৃথক কৰা হ’ব । অৰ্থাৎ ডকিং-আনডকিং থাকিব ।
২/ মানৱবিহীন লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ।
৩/ ৰভাৰে ওলাই গৈ নমুনা সংগ্ৰহ কৰিব ।
৪/ লেণ্ডাৰলৈ ঘূৰি আহিব ।
৫/ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠৰ পৰা উৰা মাৰিব ।
৬/ চন্দ্ৰৰ কক্ষপথত ঘূৰি থকা অৰ্বিটাৰৰ সৈতে সংযোগ স্থাপন কৰিব ।
৭/ ইয়াৰ পিছত দুয়োটাই পৃথিৱীৰ ফালে ঘূৰি আহিব ।
৮/ অৰ্বিটাৰে মাটিৰ নমুনা থকা কেপচুলটো পৃথিৱীৰ ফালে দলিয়াই দিব ।
এই অভিযানৰ বাবে চৰকাৰে ইছৰোক দিয়া পুঁজিৰ ভিতৰত আছে-চন্দ্ৰযান-৪ মহাকাশযান, এল ভি এম-৩ৰ দুটা ৰকেট আৰু চন্দ্ৰযান-৪ৰ সৈতে অবিৰত যোগাযোগ বজাই ৰাখিবলৈ মহাকাশ নেটৱৰ্ক আৰু ডিজাইন পৰীক্ষণ । অৰ্থাৎ অহা চাৰি বছৰৰ ভিতৰত এই সকলোবোৰ সম্পূৰ্ণ হ’ব । ইয়াক পৰীক্ষা কৰা হ’ব । ইয়াৰ পিছত চন্দ্ৰযান-৪ক উৎক্ষেপণ কৰা হ’ব ।
কেনেকৈ সম্পূৰ্ণ হ’ব চন্দ্ৰযান-৪ অভিযান ?
ইছৰোৰ মুৰব্বী ড০ এছ. সোমনাথে কেইমাহমান পূৰ্বে কৈছিল যে চন্দ্ৰযান-৪ এবাৰতে উৎক্ষেপণ কৰা নহয় । ইয়াক দুটা ভাগত উৎক্ষেপণ কৰা হ’ব । অৰ্থাৎ এটাৰ পিছত এটাকৈ LVM-3 ৰকেট নিক্ষেপ কৰা হ’ব । তাৰ পিছত ইয়াৰ মডিউল অৰ্থাৎ অংশসমূহ মহাকাশত সংযোগ কৰা হ’ব । অৰ্থাৎ ডকিং কৰা হ’ব । এই প্ৰযুক্তিয়ে ভৱিষ্যতে ভাৰতীয় মহাকাশ কেন্দ্ৰ (Bhartiya Antariksh Station- BAS)নিৰ্মাণত সহায় কৰিব ।