বিশ্ববিখ্যাত বিনিয়োগকাৰী আৰু বাৰ্কশায়াৰ হেথৱেৰ অধ্যক্ষ ৱাৰেন বাফেট তেওঁৰ জনহিতকৰ প্ৰচেষ্টাৰ বাবে জনাজাত। বিশ্বৰ শীৰ্ষ বিলিয়নেয়াৰসকলৰ মাজৰ কিংবদন্তি বিনিয়োগকাৰী হিচাপে ৱাৰেন বাফেটও দান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছে।
৯৪ বছৰীয়া বাফেট আকৌ এবাৰ বাতৰিৰ শিৰোনামা দখল কৰিছে। তেওঁ চাৰিটা চেৰিটি ফাউণ্ডেশ্যনলৈ ১.১ বিলিয়ন ডলাৰ বা প্ৰায় ১০,০০০ কোটি টকা দান কৰিছে।
ইয়াৰ লগতে, তেওঁৰ শেহতীয়া টোকাত এইটোও প্ৰকাশ কৰিছে যে তেওঁৰ মৃত্যুৰ পিছত কোটি কোটি সম্পত্তীৰ কি হ’ব আৰু ইয়াৰ উত্তৰাধিকাৰী কোন হ’ব?
পিছে এই টোকাটোত তেওঁ তেওঁৰ উত্তৰাধিকাৰীৰ পৰিচয় প্ৰকাশ কৰা নাই। টোকাটোত কৈছিল যে তেওঁৰ সন্তানে সকলো সিদ্ধান্তৰ বিষয়ে অৱগত আৰু ইয়াক সমৰ্থনো কৰে।
প্ৰবীণ বিনিয়োগকাৰীজনে তেওঁৰ পৰিয়ালৰ ভিতৰত ৰাজবংশী সম্পদ সৃষ্টিৰ বিৰুদ্ধে তেওঁৰ দীৰ্ঘদিনীয়া স্থিতি পুনৰাবৃত্তি কৰে।
আমেৰিকান কোটিপতিজনে তেওঁৰ সম্পত্তি পৰিকল্পনাৰ বিৱৰণো প্ৰকাশ কৰিছে।৯৪ বছৰীয়া বিনিয়োগকাৰীজনে ১,৬০০ বাৰ্কশায়াৰ ক্লাছ এ শ্বেয়াৰক ২.৪ নিযুত শ্ৰেণী বি শ্বেয়াৰলৈ ৰূপান্তৰ কৰিব, কোম্পানীটোৱে এক এই কথাও বিবৃতিত কৈছে।
তাৰ পিছত তেওঁ সেই শ্বেয়াৰৰ ১.৫ নিযুত চুজান থম্পচন বাফেট ফাউণ্ডেচনলৈ দান কৰিব, যাক তেওঁৰ স্বৰ্গীয় পত্নীৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু তেওঁৰ প্ৰতিটো সন্তানৰ সংস্থালৈ ৩০০০,০০০শ্বেয়াৰ দিব।
বিশ্বৰ অন্যতম আগশাৰীৰ বিনিয়োগকাৰী ৱাৰেন বাফেট আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত সপ্তম স্থানত আছে।
২৫ নৱেম্বৰত, তেওঁ বাফেট পৰিয়ালৰ দ্বাৰা পৰিচালিত চাৰিটা ফাউণ্ডেচনলৈ বৃহৎ অনুদান প্ৰদান কৰে।তেওঁ ১.১ বিলিয়ন ডলাৰ বা প্ৰায় ১০,০০০ কোটি টকাৰো অধিক মূল্যৰ বাৰ্কশায়াৰ হেথৱে ষ্টক দান কৰিছে।
এই বৃহৎ অনুদানৰ লগতে, ৱাৰেন বাফেটে কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰ সকললৈও এটা টোকা লিখিছে, য’ত তেওঁৰ মৃত্যুৰ পিছত কোটি কোটি সম্পদৰ উত্তৰাধিকাৰীৰ বিষয়ে ডাঙৰ ঘোষণা কৰিছে।
জানিব পৰা মতে ৱাৰেন বাফেটৰ মুঠ সম্পত্তীৰ মূল্য হৈছে ১৫০.২ বিলিয়ন ডলাৰ।