কাকপথাৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক। জানিব পৰা মতে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত স্বামী জলধৰ তাঁতীয়ে হত্যা কৰিলে পত্নী ছবিনা তাঁতীক৷
পুৱা শোৱাপাটীতে উদ্ধাৰ হ’ল ছবিনাৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী জলধৰ তাঁতীক।
কাকপথাৰৰ কোমচাং ৫ নম্বৰত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।