বকোৰ দক্ষিণ পুখুৰীপাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । লাঠিৰে মুৰত প্ৰহাৰ কৰি পিতৃ আৰু ভাতৃক হত্যা কাৰ্ত্তিক ৰাজা ৰাভাৰ ।জানিব পৰা মতে দেওবাৰে পুৱা মানসিক বিকাৰগ্ৰস্ত কাৰ্ত্তিক ৰাজা ৰাভাই কোনো কথাক লৈ ভাতৃ দেৱজিৎ ৰাভা প্ৰহাৰ কৰি আছিল ।
কনিষ্ঠ পুত্ৰক প্ৰহাৰ কৰা দেখি বৰপুত্ৰক বাধা দিবলৈ গৈছিল পিতৃ মনিৰাম ৰাভা। আৰু তেতিয়াই পিতৃ আৰু ভাতৃক মৰিয়াই মৰিয়াই হত্যা কৰে কাৰ্ত্তিক ৰাজা ৰাভাই। পিছত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী কাৰ্তিক ৰাজা ৰাভাক গ্ৰেপ্তাৰ কৰে।ঘটনাক লৈ দক্ষিণ পুখুৰীপাৰত চাঞ্চল্যই বিৰাজ কৰিছে।