আমি সকলোৱে মুখ ধুবলৈ ফেচ ৱাছ বা চাবোন ব্যৱহাৰ কৰোঁ, কিন্তু আপুনি কেতিয়াবা মুখ খন ধুবলৈ বেচন ব্যৱহাৰ কৰিছে নেকি? মুখখন বেচনেৰে ধুলে মুখমণ্ডলৰ বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হয়।
বেচন মুখত লগোৱাৰ উপকাৰীতা
১) ছালৰ মৃত কোষবোৰ পৰিষ্কাৰ কৰে-
বেচানে ছালফনত এক্সফলিয়েটৰ হিচাপে কাম কৰে।যদি আপুনি মুখখনত বেচন লগাই মুখখন কেইমিনিটমানৰ বাবে মালিচ কৰিলে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে।ই হৈছে এক প্ৰাকৃতিক স্ক্ৰাব যি ছালৰ পৰা অতিৰিক্ত তেল পৰিষ্কাৰ কৰাত সহায় কৰে।
২) টেনিং নোহোৱা হয়-
গ্ৰীষ্মকালত সচৰাচৰ ৰ’দৰ পোহৰত ছালখন পোৰা দেখিবলৈ পোৱা যায়। কিন্তু বেচনেৰে মুখখন ধোৱালে আপোনাক ছালৰ টেনিং নোহোৱা হোৱাত সহায় কৰে।বেচনে ছালত জমা হোৱা ময়লা পৰিষ্কাৰ কৰে আৰু ছালখন উন্নত কৰে।
৩)ছালখন কোমল আৰু উজ্জ্বল হয়-
মুখত বেচন লগালে ছালখন শুকাই নাযায়, ই ছালত আৰ্দ্ৰতা বন্ধ কৰাত সহায় কৰে। মুখত বেচন লগালে ছালখন অতি কোমল হোৱাৰ লগতে ছালখনৰ উজ্জলতাও বৃদ্ধি কৰে।।