ঘোষণা কৰা হ’ল অসমৰ উপ-নিৰ্বাচনৰ দিন । অসমৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । ১৩ নৱেম্বৰত অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । কিছু সময় পূৰ্বে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে । ১৩ নৱেম্বৰত অসমৰ ৫ টা সমষ্টিত হ’ব উপ-নিৰ্বাচন । ৰাজ্যৰ বিহালী, ধলাই, চামগুৰি, ছিদলী আৰু বঙাইগাঁও সমষ্টিত হ’ব উপ-নিৰ্বাচন ।
আনহাতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে । ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব নিৰ্বাচন । ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ।
ইফালে ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন । ১৩ আৰু ২০ নৱেম্বৰত ৰাজ্যখনত হ’ব ভোটগ্ৰহণ । ২৩ নৱেম্বৰত ঘোষণা হ’ব ফলাফল ।