এইবাৰ জনতা ভৱনত ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়া । দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকাৰী বিষয়াজনক । গ্ৰেপ্তাৰ হোৱা বিষয়া গৰাকীৰ নাম পাৰ্থ হাজৰিকা বুলি জানিব পৰা গৈছে ।
বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত আবকাৰী বিষয়াজনে ধন লৈছিল বুলি অভিযোগ উত্থাপন হৈছে । ২৪,৫০০ টকাৰ ঘোচ লৈছিল অভিযুক্ত পাৰ্থ হাজৰিকাই । বাৰ লাইচেঞ্চৰ নামত ১লাখ টকা বিচাৰিছিল বিষয়াজনে । ৪০ হাজাৰ টকা পূৰ্বে লৈছিল আৰু আজি টকা লওতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াজনক় ।