গ্ৰীষ্মকালত ল’ৰা-ছোৱালীৰ খেলা-ধূলা কৰাৰ সময় হয়, একে সময়তে ই কেতিয়াবা স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব পাৰে।প্ৰবল সূৰ্যৰ তাপ, গৰম আৰু হঠাৎ উষ্ণতাৰ পৰিৱৰ্তনে শিশুক অসুস্থ কৰি তুলিব পাৰে।
এনে পৰিস্থিতিত শিশুৰ খাদ্য তালিকাত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে কেৱল তেওঁলোকক ঠাণ্ডা ৰখাই নহয়, বৰং শৰীৰত পানীৰ অভাৱ হ’বলৈও নিদিব।
কিছুমান প্ৰাকৃতিক আৰু সোৱাদযুক্ত খাদ্যই কেৱল শিশুক হাইড্ৰেটেড কৰি ৰখাই নহয়, বৰঞ্চ ই তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি তোলে।
দৈ- দৈ এক উৎকৃষ্ট প্ৰ’বায়’টিক হয়,যিয়ে শিশুৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। গ্ৰীষ্মকালত দৈ সেৱন কৰিলে শৰীৰ শীতল হয় আৰু হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা পৰে।
ইয়াক মিঠা কৰি বা ফলৰ লগত শিশুক দিব পাৰি।দৈয়ে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।
নাৰিকল পানী- নাৰিকল পানী এবিধ প্ৰাকৃতিক শক্তিবৰ্ধক হয়।ইয়াত থকা খনিজ পদাৰ্থ আৰু ভিটামিনে শিশুক পানীলগাৰ পৰা ৰক্ষা কৰে।
যদি শিশুটি গৰমৰ দিনত বাহিৰত খেলা-ধূলা কৰি ঘূৰি আহিছে, তেতিয়া শিশুটিক নাৰিকল পানী দিয়াটোৱেই হ’ব পাৰে সৰ্বোত্তম বিকল্প। নাৰিকল পানীয়ে শৰীৰৰ উষ্ণতা ঠাণ্ডা কৰাৰ লগতে শক্তিও প্ৰদান কৰে।
তৰমুজ- তৰমুজত ৯০%তকৈ অধিক পানী থাকে।ই কেৱল সোৱাদত মিঠাই নহয়, শিশুক জলসিঞ্চিত কৰি ৰখাতো ই অতি উপকাৰী।ইয়াত থকা এন্টিঅক্সিডেন্টবোৰেও শিশুৰ ছালখনক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে।
আম- গ্ৰীষ্মৰ ৰজা আম অকল সোৱাদতেই নহয়, বৰঞ্চ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে। ই শিশুৰ চকু আৰু ছালৰ বাবে অতি উপকাৰী। আমৰ ৰস বা আম পান্না বনাই দিলে আৰু অধিক উপকাৰী হ’ব পাৰে।