ওজন হ্ৰাস কৰা বা পেটৰ চৰ্বী নোহোৱা কৰিবলৈ সকলোৱে বিচাৰে । সকলো লোকেই নিজৰ শৰীৰটো দেখনিয়াৰ কৰি ৰাখিব বিচাৰে। যাৰ বাবে বহু কৌশল অৱলম্বন কৰে।যদিও পেটৰ চৰ্বি হ্ৰাস কৰাৰ বহুতো উপায় আছে কিন্তু প্ৰাকৃতিক প্ৰক্ৰিয়াতকৈ আৰু ভাল কৌশল কি হ’ব পাৰে।
দেহৰ পৰা অবাঞ্ছিত চৰ্বি হ্ৰাস কৰিবলৈ হ’লে আহাৰৰ প্ৰতি বিশেষ মনোযাগ দিব লাগিব । ঘৰুৱা ভাৱে প্ৰস্তুত কৰা এনে কিছুমান পানীয় আছে যিয়ে দ্ৰুতগতিত পেটৰ চৰ্বী হ্ৰাস কৰাত সহায় কৰে।
১)নেমু-আদাৰ পানীয়
প্ৰথমে এটা ডাঙৰ পাত্ৰত এক লিটাৰ পানী লওক । ইয়াৰ পিছত দুটা নেমুৰ বাকলি গুচাই ৰসখিনি পানীত চেপি লওক। তাৰ পিছত আদা আৰু জালুক দি ভালদৰে উতলাওক। ভালদৰে উতলোৱাৰ পিছত সেই পানীখিনি ঠাণ্ডা হ’বলৈ দি পানীখিনি চেকি লওক । এতিয়া পানীখিনিত মৌ ভালদৰে মিহলাই খালী পেটত পান কৰিব ।
২) জিৰা-ডেলচেনীৰ পানীয়
এটা পাত্ৰত এক লিটাৰ পানী ল’ব । তাত জিৰা আৰু ডেলচেনী দি পাঁচ মিনিট মান উতলাব । পানী খিনি ঠাণ্ডা হলে এটা পাত্ৰত চেকি ল’ব। তাৰ পিছত তাত নেমু আৰু মৌ মিহলাই খালি পেটত খাব ।
৩) মিশ্ৰিত পানীয়
তিয়ঁহ, ধনীয়া , নেমু, এল’ভেৰা ৰস ওলিয়াই পানীৰ লগত মিহলাই ল’ব। তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ চৰ্বি কমে।