শোৱাৰ পূৰ্বে আমি যি খাওঁ তাৰ আমাৰ টোপনিৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে । কিছুমান খাদ্য আৰু পানীয় আছে যি হজম শক্তিক নষ্ট কৰিব পাৰে, শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিব পাৰে । যাৰ ফলত টোপনি যোৱাটো কঠিন হৈ পৰিব পাৰে । সাধাৰণতে ৰাতি কফি নাখাবলৈ পৰামৰ্শ দিয়া হয়, কিয়নো ইয়াত থকা উচ্চ পৰিমাণৰ কেফেইনে টোপনি আঁতৰাই । ইয়াৰ বাহিৰেও, গধুৰ বা মচলাযুক্ত খাদ্যই পেটৰ সমস্যা বৃদ্ধি কৰিব পাৰে । ই টোপনিৰ চক্ৰত ব্যাঘাত জন্মাব পাৰে । ইয়াৰ বাবে, আপুনি নিশা পলমলৈকে সাৰ পাই থাকিব লগীয়া হ’ব পাৰে । ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কি কি বস্তু পৰিহাৰ কৰিব লাগে, বিশেষজ্ঞই কি কয় জানক-
মচলাযুক্ত খাদ্য-
মচলাযুক্ত খাদ্যই পেটৰ সমস্যা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শুই থকা আৰু শুবলৈ অসুবিধা হ’ব পাৰে । এনে খাদ্যই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিব পাৰে । যি শৰীৰৰ প্ৰাকৃতিক টোপনি চক্ৰত ব্যাঘাত জন্মোৱাৰ কাৰণ হৈ পৰে ।
চকলেট-
বিশেষকৈ ডাৰ্ক চকলেটত যথেষ্ট পৰিমাণৰ কেফেইন আৰু থিঅব্ৰোমিন থাকিব পাৰে, যি স্নায়ুতন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত আমাৰ টোপনি যোৱাত সমস্যা হ’ব পাৰে । অত্যাধিক পৰিমাণৰ চেনীয়েও টোপনিত ব্যাঘাত জন্মায় ।
ছাইট্ৰাছ ফল-
কমলা, নেমু, আঙুৰৰ দৰে এচিডিক খাদ্য ৰাতি খালে এচিড ৰিফ্লাক্স হ’ব পাৰে । ই আপোনাৰ স্নায়ুতন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলায়, যাৰ ফলত শৰীৰৰ উষ্ণতা বৃদ্ধি পায় আৰু টোপনি কমি যায় ।
চ’ডা আৰু শীতল পানীয়-
শীতল পানীয় বিশেষকৈ চ’ডাত অধিক পৰিমাণৰ কেফেইন থাকে, যি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে আৰু ইয়াৰ উপৰিও অতিৰিক্তভাৱে সেৱন কৰিলে টোপনিৰ অসুবিধা হ’ব পাৰে ।