সকলোৰে ঘৰত সহজলভ্য লং। সাধাৰণতে লঙৰ ব্যবহাৰ সকলোকে ঘৰত খাদ্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। প্ৰত্যেক দিনে আপুনি ১ টাকৈ লং গ্ৰহণ কৰিলে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰান পাব পাৰে ।
এই লং আয়ুৰৰ্বেদ চিকিত্সাৰত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । ৰাতি শোৱাৰ আগত যদি আপুনি ১ টাকৈ লং গ্ৰহণ কৰে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰিব আপুনিও।ঔষধি গুণৰ বাবে বিখ্যাত লঙৰ লাভালাভ বিষয়ে জানো আহক—
কেনেকৈ কৰিব সেৱন – নিশা টোপনি যোৱাৰ আগতে কুহুমীয়া পানীৰে লং সেৱন কৰিব । এনে কৰিলে আপুনি বহুতো সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে।
হজম– ভাৰতৰ প্ৰতিটো ঘৰত লং মচলা হিচাপে ব্যৱহাৰ কৰা হয়। ৰাতি শোৱাৰ আগতে লং খালে আপোনাৰ হজম শক্তি বৃদ্ধি হয়।
গেছৰ সমস্যা — যিসকল ব্যক্তিয়ে এচিডিটিৰ সমস্যাৰ সন্মুখীন হয় সেইসকলৰ বাবে মহাষৌধ লং। ভোক বৃদ্ধি হোৱাৰ লগতে, ডায়েৰিয়াত লঙে ভালদৰে কাম কৰে।
চৰ্দি আৰু কাহ– প্ৰতিদিনে লং খালে কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি। পানী লগা জ্বৰতো উপকাৰী লং ।লং ত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত অতি উপকাৰী।
মুৰৰ বিষ– যদি কোনোবাই মুৰৰ বিষত অসুবিধাত পৰে, তেনেহ’লে তেওঁ লবঙ্গ খাব পাৰে, ই আপোনাক উপকৃত কৰিব। ইয়াৰ লগতে, ই বিভিন্ন প্ৰকাৰৰ ৰোগত কাম কৰে।
ওজন হ্ৰাস – মেদবহুলতাৰ বাবে ও লং উপকাৰী । ই শৰীৰত সঞ্চিত চৰ্বি লাহে লাহে গলাবলৈ কাম কৰে।
মুখৰ দুৰ্গন্ধ – হজম সংশোধন কৰাৰ লগতে, ই প্ৰায়ে মুখৰ পৰা অহা গোন্ধ আঁতৰ কৰাৰ বাবেও কাম কৰে।