কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰৰ পৰা চৌদি আৰৱ ভ্ৰমণ আৰম্ভ কৰে । এই ভ্ৰমণৰ উদ্দেশ্য ২০২৫ চনত হজ তীৰ্থযাত্ৰাৰ বাবে দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰা, য’ত ভাৰতে অতিৰিক্ত ১০ হাজাৰ হজ তীৰ্থযাত্ৰীৰ কোটা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে ।
কাইলৈ ৰিজিজুৱে ছৌদি আৰৱৰ মন্ত্ৰী তৌফিক বিন ফৌজান আল ৰবিয়াক সাক্ষাৎ কৰিব, য’ত দুয়োগৰাকী নেতাই হজ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এক পোষ্টযোগে কয় যে মই ছৌদি আৰৱ ভ্ৰমণৰ বাবে আগ্ৰহী য’ত আমি ২০২৫ চনৰ বাবে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিম আৰু দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰিম ।
ইয়াৰ উপৰিও ৰিজিজুৱে ছৌদি আৰৱৰ পৰিবহণ আৰু লজিষ্টিক সেৱা মন্ত্ৰী ছালেহ আল জাছেৰকো সাক্ষাৎ কৰিব । বৈঠকৰ সময়ত বিমান, বাছ আৰু ৰে’ল সেৱাৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰা হ’ব । ভাৰতীয় তীৰ্থযাত্ৰীসকলে ব্যৱহাৰ কৰা জেদ্দা হজ টাৰ্মিনেলো ৰিজিজুৱে পৰিদৰ্শন কৰিব । ভাৰত চৰকাৰে তীৰ্থযাত্ৰীসকলক সুবিধা প্ৰদানৰ বাবে তাত এটা বিশেষ কাৰ্যালয় স্থাপন কৰিছে ।
ছৌদি আৰবে ২০২৫ চনৰ বাবে ভাৰতৰ হজ কোটা ১,৭৫,০২৫ নিৰ্ধাৰণ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে অতিৰিক্ত ১০ হাজাৰ তীৰ্থযাত্ৰীৰ কোটা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে । ৰিজিজুৱে মদিনাও ভ্ৰমণ কৰিব, য’ত তেওঁ কুবা আৰু কুবলাটাইন মছজিদ পৰিদৰ্শন কৰিব । এই সময়ছোৱাত তেওঁ ৰজা মহম্মদ বিন ছালমানৰ উপদেষ্টা ৰাজকুমাৰ খালিদ আল ফৈছাল আৰু মক্কা অঞ্চলৰ গৱৰ্ণৰ ৰাজকুমাৰ ছলমান বিন চুলতানকে ধৰি ছৌদি ৰাজকীয় পৰিয়ালৰ সদস্যকো সাক্ষাৎ কৰিব ।
২০২৫ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে ৭০ শতাংশ কোটা হজ কমিটীক দিয়া হ’ব, আনহাতে ৩০ শতাংশ কোটা ব্যক্তিগত হজ গোটৰ আয়োজকক দিয়া হ’ব । যোৱা বছৰ ২০২৪ চনত হজ কমিটীয়ে ৮০ শতাংশ কোটা আৰু ব্যক্তিগত আয়োজকসকলে ২০ শতাংশ কোটা লাভ কৰিছিল । হজ নীতি ২০২৫ৰ অধীনত ৬৫ বছৰ আৰু তাৰ ওপৰৰ হজযাত্ৰীসকলে অগ্ৰাধিকাৰ ভিত্তিত যাত্ৰা কৰিব, তাৰ পিছত মহৰাম নথকা মহিলা আৰু শেষত সাধাৰণ শ্ৰেণীৰ লোক ।