মেষ ৰাশি- ক্ষমতাৰ অপব্যৱহাৰ হ’ব পাৰে। পৰচৰ্চা নকৰিব। বিদ্যাৰ্থীৰ শুভ । পৰিয়ালৰ সকলোৰে পৰা সহযোগিতা লাভ কৰিব। শুভ সংবাদ লাভ কৰিব। কথা কোৱাৰ আগতে সাৱধান হ’ব অন্যথা সৰু কথাতে কাজিয়া হ’ব পাৰে।
বৃষ ৰাশি- পৰোপকাৰ , মনোৰঞ্জন , কৰ্মনিষ্ঠা বৃদ্ধি পাব। ক্ষমতাত বলীয়ান নহ’ব। খৰচ বৃদ্ধি পাব পাৰে। দুষ্ট লোকক গুৰুত্ব নিদিব। ভ্ৰমণৰ যোগ। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰেমৰ ৰঙেৰে ৰঙীণ হ’ব। বৈবাহিক জীৱলত শুভ।
মিথুন ৰাশি- কাজিয়া কৰা স্বভাৱৰ বাবে শত্ৰুৰ তালিকাখন বৃদ্ধি পাব। কোনো কথাই দিনটো আমনি কৰি থাকিব । এলাহ বহুদিন ধৰি ভুগি থকা আৰ্থিক সমস্যাৰ পৰাল কিছু সকাহ পাব। প্ৰেমত যথেষ্ট শুভ। সন্তানৰ পৰা সুখ লাভ কৰিব।
কৰ্কট ৰাশি- অসাধ্য সাধনৰ যোগ। আপোনাৰ উন্নতিত আনৰ ঈৰ্ষা হ’ব পাৰে। বাদ-বিসম্বাদ পৰিহাৰ কৰক। মাটি-বাৰী লাভ কৰিব।শৰীৰ ভালে থাকিব। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ । ঘৰলৈ আলহীৰ আগমন হ’ব।
সিংহ ৰাশি- ত্যাগ , সংযম, ব্যক্তিত্ব প্ৰকাশ পাব। ক্ৰীড়াবিদ , সংগীতজ্ঞসকলৰ
সুখ্যাতি বৃদ্ধি পাব। মনৰ অস্থিৰতা কিছু কমিব। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে পৰিকল্পনা কৰিব পাৰে। ন্যায়িক বিবাদৰ পৰা হাতসাৰি থাকিব। আত্মীয়সকলৰ পৰা সমৰ্থন পাব। আয় সঞ্চয় হ’ব। প্ৰয়োজনীয় কামবোৰ সোনকালে সমাধান কৰিব।
কন্যা ৰাশি- আনৰ উপকাৰীতা পাহৰি নাযাব। কাৰ্যালয় আৰু ঘৰুৱা কামৰ বাবে খঙাল হ’ব। জ্যেষ্ঠসকলৰ পৰামৰ্শ ললে হাতলৈ ধন আহিব পাৰে। পুৰণি বন্ধুৰ লগত সাক্ষাৎ হ’ব। ভ্ৰমণৰ যোগ আছে। গোসাইঘৰত চাকি বন্তি জ্বলাওক।
তুলা ৰাশি- শিক্ষাৰ্থীৰ বাবে দিনটোত এক সুযোগ আহিব । যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। স্বভাৱ সলনি নকৰিলে মনত আঘাত পাব অভিনয়ত দক্ষতা লাভ কৰিব। হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব । অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তা বাঢ়িব। জীৱনলৈ নতুন ব্যক্তি আহিব ।
বৃশ্চিক ৰাশি- কামত ব্যক্তিত্ব প্ৰকাশ পাব। আনৰ ওপৰত কোনো কথাতে নিৰ্ভয় নকৰিব। বিবাহৰ যোগ । স্বাস্থ্য ভালে থাকিবলৈ নিয়মিত ব্যায়াম কৰক। বিদাৰ্থীৰ সমস্যা দূৰ হ’ব।জীৱন সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আৰ্থিক সমস্যা দূৰ হ’ব।
ধনু ৰাশি- আজি স্বাস্থ্য থিকে নাযাব। ব্যৱসায়ী সকলে নতুন পৰিকল্পনা কৰিব পাৰে। খাদ্য খোৱাৰ আগত সাৱধান হওক। হজমৰ সমস্যাই দেখা দিব পাৰে। ভাবি খৰা যিকোনো কামৰ আজি সমাধান পাব।
মকৰ ৰাশি- গুৰুৰ কৃপাত কাৰ্যসিদ্ধি। সংযমী হওক। শাৰিৰীক শ্ৰম বৃদ্ধি পাব। অতি বেছি মনোৰঞ্জনত ব্যস্ত নহ’ব। পৰিয়ালৰ লোকৰ লগত মনোমালিন্য হ’ব পাৰে। বাহনৰ পৰা সাৱধান হ’ব। হঠাৎ কোনো ভালখবৰ লাভ কৰিব পাৰে।
কুম্ভ ৰাশি- বন্যপ্ৰাণীৰ পৰা আজিৰ দিনটো সাৱধানে থাকিব। সা-সম্পত্তি বৃদ্ধি পাব। মানসিক স্বাস্থ্যৰ ওপৰত সজাগ হ’ব। প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। দীঘলীয়া সময়ৰ পৰা পাব লগীয়া ধন ঘূৰাই পাব। চুবুৰীয়াৰ সৈতে সম্পৰ্ক ভাল হ’ব।
মীন ৰাশি- শুভ সংবাদ লাভ কৰিব। আজি সজাগ নহলে দেহত কষ্ট পোৱাৰ সম্ভাৱনা আছে। শিল্পী, সাহিত্যিক সকলৰ চিন্তা বৃদ্ধি পাব। খেতিয়ক সকলে কষ্টৰ ফল পাব। আপোনাৰ উন্নতি দেখি চুবুৰীয়াৰ ঈৰ্ষা হ’ব পাৰে। কাৰোৱাৰ হাঁহিতেই জীৱন সলনি হ’ব পাৰে।