মেষ ৰাশি- আপোনাৰ ওপৰত আনৰ চৰ্চা থাকিব। সমাজহিতৈষী চিন্তা বৃদ্ধি পাব। উগ্ৰ সাহস প্ৰদৰ্শন নকৰিব। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল। খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব। কৰ্মক্ষেত্ৰত আত্মবিশ্বাস থাকিব। মুখত লেকাম টানিব। শুভ ৰং কমলা।
বৃষ ৰাশি- নিজৰ ইচ্ছাৰ বিপৰীতে কোনো কোম নকৰিব।হাতলৈ বহুত সুযোগ আহিব। অহংকাৰ বৃদ্ধি পাব।যিকোনো খাদ্য নাখাব বদহজম হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা সাৱধান হৈ থাকিব। চাকৰিৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। ঘৰত কোনো নতুন ব্যক্তিৰ আগমন হ’ব। শুভ ৰং গোলাপী।
মিথুন ৰাশি- গ্ৰহৰ বলত অনেক কাৰ্যসিদ্ধি। আৰ্থিক দিশত লাভান্বিত হ’ব। ব্যয়বহুল বিলাসীতা নকৰিব।ভাবি চিন্তি খৰচ কৰিব।ঘৰলৈ আলহীৰ আগমন হ’ব। পৰচৰ্চা নকৰিব।বিদ্যাত শুভ। কৰ্মক্ষেত্ৰত শত্ৰুৱে প্ৰতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। ব্যৱসায়ত ক্ষেত্ৰত অতি অশুভ। শুভ ৰং পাতল সেউজীয়া।
কৰ্কট ৰাশি- আনৰ প্ৰতি দয়াশীল মনোভাব বাঢ়িব। আজি ভুলটো গছত নুঠিব। জমা ধন খৰচ হ’ব পাৰে। দুচিন্তা কমাওক। গণেশ মন্দিৰত লাডু দান কৰিব। সংসাৰত মানসিক অশান্তি বাঢ়িব। কোনো কথাক লৈ অস্থিৰ হৈ থাকিব। যিমান দূৰ সম্ভৱ আজি কাজিয়াৰ পৰা বিৰত থাকক। শুভ ৰং ৰূপালী।
সিংহ ৰাশি- কৰ্মক্ষেত্ৰত আনৰ প্ৰশংসা লাভ কৰিব। আনৰ সুখ্যাতি নষ্ট নকৰিব। গুৰুপাকী খাদ্য নাখাব। বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব।নতুন সম্পত্তি ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ’ব।শুভ ৰং বগা।
কন্যা ৰাশি- আজি কোনো কামত সুফল পাব। ষদি কোনো নতুন প্ৰকল্প হাতত ল’ব বিচাৰিছে তেন্তে তাৰ বাবে আজিৰ দিনটো অতিকৈ শুভ। ব্যক্তিগত ক্ষেত্ৰত দিনটো ভালদৰে যাব। পৈত্তিক সম্পত্তি লাভ কৰিব।মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে পৰা সহযোগিতা লাভ কৰিব। চলি থকা কোনো আইনী সমস্যাত আপোনাৰ পক্ষে ৰায় আহিব। শুভ ৰং হালধীয়া।
তুলা ৰাশি- বাহন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি যদি ভাবিছে আজি ক্ৰয় নকৰিব। পিতৃ-মাতৃৰ সৈতে এটা সুন্দৰ দিন পাৰ হ’ব। হাতলৈ ধন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত ভাল কামৰ বাবে জ্যেষ্ঠ সকলৰ পৰা প্ৰশংসা লাভ কৰিব। অচিনাকি মানুহৰ সৈতে বেছি কথা নাপাতিব। বিপদ হ’ব পাৰে। শুভ ৰং ৰঙা।
বৃশ্চিক ৰাশি- আজিৰ দিনটো আপোনাৰ পক্ষত নাথাকিব পাৰে। প্ৰতিটো খোজতে আজি সজাগ হৈ থাকিব লাগিব। কামত খেলি-মেলি হ’ব পাৰে। মাদক দ্ৰব্যৰ সেৱনে ক্ষতি কৰিব পাৰে।মনৰ পৰা দুৰ্বলতা ভাৱ আতৰিক। আত্মীয়ৰ ঘৰত মৰম পাব। বিবাহৰ সংযোগ আছে। উগ্ৰ সাহস প্ৰদৰ্শন নকৰিব।পাব লগা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।শুভ ৰং মটীয়া।
ধনু ৰাশি- কৰ্মব্যস্ততা বৃদ্ধি পাব। চৰকাৰী আচনি লাভ কৰিব। নভবাকৈয়ে হাতলৈ ধন আহিব । প্ৰেমত বাধাৰ সন্মুখিন হ’ব পাৰে।সন্তানৰ পৰা আনন্দ লভিব। যিকোনো কৰ্মতে সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনত পত্নীৰ মতামতৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া উচিত হ’ব। শুভ ৰং আকাশী।
মকৰ ৰাশি- কোনো বন্ধুৰ কাৰণে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাফল্য আহিলেও আশানুৰূপ অৰ্থ নাহিব। গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব।আজি গুৰু আপোনাৰ পক্ষত থাকিব। কথাত সংযম আৰু ব্যক্তিত্ব প্ৰকাশ পাব। আনক অপমান নকৰিব। খৰচৰ মাত্ৰা বৃদ্ধি পাব। শিক্ষাবিদসকলৰ সুনাম বৃদ্ধি পাব।বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। লেনদেন কৰোঁতে সাৱধান হ’ব। কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু সাহসেৰে কাম কৰিলে সুফল লাভ কৰিব। শুভ ৰং নীলা।
কুম্ভ ৰাশি – সততা, সৰলতা আৰু নিৰ্ভীকতা বৃদ্ধি পাব। শ্ৰমৰ মৰ্যাদা পাব।পুৰণি ৰোগে কষ্ট দিব পাৰে। আনৰ উপকাৰ কৰক।ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। উপাৰ্জন বৃদ্ধিৰ বাবে পাৰিবাৰিক তথা ব্যক্তিগত জীৱনো সুখকৰ হৈ পৰিব। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক সম্পৰ্কৰ সুখবৰ লাভ কৰিব। শুভ ৰং বগা।
মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে বহুত সমস্যাই অপেক্ষা কৰি আছে । ক’ব গ’লে সকলো ক্ষেত্ৰতেই আপুনি ইমান সমস্যা আৰু কষ্টত পৰিব যে, এনেকুৱা লাগিব যেন এইবোৰৰ কোনো অন্তই নাই । ইয়াৰ ফলত আজি গোটেই দিন আপুনি বিষণ্ণ হৈ থাকিব । আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক । মহিলাৰ পৰা সাৱধানে থাকিব।