প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস (World Health Day ) হিচাপে পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বিশ্ব পৰ্যায়ত গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয় আৰু স্বাস্থ্য অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা । এই দিৱস উদযাপনৰ বাবে ৭ এপ্ৰিলৰ তাৰিখ কিয় বাছি লোৱা হ’ল ? জানক বিশ্ব স্বাস্থ্য দিৱসৰ ইতিহাস, গুৰুত্ব আৰু থিমৰ বিষয়ে-
বিশ্ব স্বাস্থ্য দিৱসৰ ইতিহাস-
১৯৪৮ চনৰ ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থা (WHO) প্ৰতিষ্ঠা কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থা প্ৰতিষ্ঠাৰ সমান্তৰালকৈ বিশ্ব স্বাস্থ্য দিৱসৰ ভেটিও স্থাপন কৰা হয় । কিন্তু ১৯৫০ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হয় আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰি অহা হৈছে । ইয়াৰ বাবে প্ৰতি বছৰে বিভিন্ন বিষয়বস্তু তথা থিম লোৱা হয় ।
বিশ্ব স্বাস্থ্য দিৱসৰ গুৰুত্ব-
-বিশ্ব স্বাস্থ্য দিৱস পালনৰ উদ্দেশ্য হৈছে মানুহক স্বাস্থ্য সম্পৰ্কে সজাগ কৰা, স্বাস্থ্য সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা আৰু বিশ্ব স্বাস্থ্য প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা ।
-বিশ্ব স্বাস্থ্য দিৱসৰ জৰিয়তে ডব্লিউ এইচ অ’ই চৰকাৰ, সংস্থা আৰু সাধাৰণ জনতাক স্বাস্থ্য বিষয়ত আলোচনা কৰিবলৈ আৰু এই সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ অনুপ্ৰাণিত কৰে ।
২০২৫ চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু-
প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱস পালনৰ বাবে এক বিশেষ বিষয়বস্তু লোৱা হয় । এই বিষয়বস্তু বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰে । একে সময়তে বিশ্ব স্বাস্থ্য দিৱস ২০২৫ৰ বিষয়বস্তু ‘স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যত’ (Healthy Beginnings, Hopeful Futures) হিচাপে নিৰ্ধাৰণ কৰা হৈছে । এই বিষয়বস্তুত মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে গৰ্ভাৱস্থা, প্ৰসৱ আৰু প্ৰসৱৰ পিছৰ যত্নৰ সময়ত উচ্চমানৰ সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, যাতে মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পায় ।