মাউণ্ট এভাৰেষ্টক বিশ্বৰ সৰ্বোচ্চ শৃংগ বুলি কোৱা হয়, যাক বহু লোকে বগাই জয় কৰাৰ সপোন দেখেল । কিন্তু আপুনি জানেনে যে মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰতি বছৰে বৃদ্ধি পাইছে । ইয়াৰ কাৰণ জানো আহক ।
মাউণ্ট এভাৰেষ্টৰ উচ্চতা বৃদ্ধিৰ মূল কাৰণ হ’ল টেকটনিক প্লেটৰ কাৰ্যকলাপ । পৃথিৱীৰ পৃষ্ঠভাগ বহুতো টেকটনিক প্লেটৰ দ্বাৰা গঠিত যিবোৰ অহৰহ গতিশীল । এই প্লেটবোৰ ইখনে সিখনৰ লগত খুন্দা মাৰিলে পৰ্বতৰ সৃষ্টি হয় । একেদৰে টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত হিমালয় পৰ্বতমালা গঠন হৈছিল ।
ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষত হিমালয় পৰ্বত গঠন হৈছিল, এই প্লেট দুখন আজিও লাহে লাহে ইখনে সিখনৰ ফালে আগবাঢ়ি আছে । যাৰ বাবে হিমালয় পৰ্বতৰ উচ্চতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ।
হিমালয় অঞ্চলত হোৱা ভূমিকম্পৰ ফলত মাউণ্ট এভাৰেষ্টৰ উচ্চতাও বৃদ্ধি পাব পাৰে । ভূমিকম্পৰ সময়ত প্লেটবোৰত গতিবিধি হয় যাৰ ফলত পৰ্বতৰ উচ্চতাৰ পৰিৱৰ্তন হ’ব পাৰে ।
আইছ’ষ্টেটিক ৰিবাউণ্ড আন এটা কাৰণ যাৰ বাবে মাউণ্ট এভাৰেষ্টৰ উচ্চতা বৃদ্ধি পাইছে । হিমালয় পৰ্বতত যেতিয়া বৰফৰ ডাঠ তৰপ আছিল, তেতিয়া ইয়াৰ চাপ পৃথিৱীৰ খোলাত বিয়পি পৰিছিল । কিন্তু যোৱা কেইটামান দশকত গোলকীয় উষ্ণতাৰ বাবে হিমালয়ৰ বৰফ গলিবলৈ ধৰিছে ।
এই কাৰণেই এতিয়া পৃথিৱীৰ খোলাটো পূৰ্বতকৈ পাতল হৈ পৰিছে । ইয়াৰ বাবে পৃথিৱীৰ খোলা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ বাবে মাউণ্ট এভাৰেষ্টৰ উচ্চতাও বাঢ়িছে ।