জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশবাসী ক্ষোভিত হৈ পৰিছে। সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অহৰহ দাবী উত্থাপন কৰিছে।
এতিয়া এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমটো বক্তব্য দিছে।ৰাজনাথ সিঙে এই সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কৈছে।
দিল্লীত এক কাৰ্যসূচীত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- ‘আমি বহু নিৰীহৰ প্ৰাণ হেৰুৱাইছো।মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতা নীতি আছে’।
‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো যে চৰকাৰে প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিব।এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ লগতে ইয়াৰ আঁৰত লুকাই থকা লোকসকলো চিনাক্ত কৰা হ’ব’।
‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে এটা যোগ্য আৰু স্পষ্ট উত্তৰ দিয়া হ’ব।’ ৰাজনাথ সিঙে আৰু কয় যে ইয়াৰ ফলাফল অতি সোনকালে দেখা যাব’।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা স্পষ্টকৈ কৈছে পহলগামত সন্ত্ৰাসবাদীৰ এই কাপুৰুষালি আক্ৰমণ কৰি এটা বিশেষ ধৰ্মক লক্ষ্য কৰি লৈছে।ৰাজনাথ সিঙে কয়- ‘এই আক্ৰমণত আমাৰ দেশে বহু নিৰীহ নাগৰিক হেৰুৱাইছে’।
‘এই অমানৱীয় কাণ্ডই, আমাক সকলোৱে গভীৰ শোক আৰু যন্ত্ৰণাত ডুবাই থৈ গৈছো। প্ৰথমেই মই, সেই সকলো পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে। এই দুখৰ সময়ত মই ঈশ্বৰৰ ওচৰত বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।”