শ্ৰীলংকা ভ্ৰমণ সমাপ্ত কৰি তামিলনাডুত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ ৰামেশ্বৰৰামৰ ৰামনাথপুৰমত নতুন পাম্বন দলং উদ্বোধন কৰি তামিলনাডুৰ উন্নয়নৰ বিষয়ে আলোচনা কৰে।
দেওবাৰে এক সমাৱেশতো ভাষণ দিয়ে। এই সময়ত তেওঁ তামিলনাডুৰ ডি এম কে চৰকাৰ আৰু মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকো লক্ষ্য কৰি কয় যে একাংশ লোকৰ সদায় কান্দোনৰ অভ্যাস আছে।
তামিলনাডুৰ উন্নয়নৰ কথা কওঁতে তেওঁ কয়, ‘উন্নত ভাৰতৰ দিশে যাত্ৰাত তামিলনাডুৰ এক বৃহৎ ভূমিকা আছে। মোৰ বিশ্বাস, তামিলনাডুৰ শক্তি যিমানেই বৃদ্ধি পাব সিমানেই ভাৰতৰ বৃদ্ধি দ্ৰুত হ’ব।
যোৱা দশকত কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ তুলনাত তামিলনাডুৰ উন্নয়নৰ বাবে তিনিগুণ বেছি ধন দিছে।ইয়াৰ পিছতো কিছুমান মানুহৰ কোনো কাৰণ নোহোৱাকৈ কান্দি থকাৰ অভ্যাস আছে, তেওঁলোকে সদয়া কান্দিয়েই থাকে।
২০১৪ চনৰ পূৰ্বে এই ৰে’ল প্ৰকল্পৰ বাবে প্ৰতি বছৰে মাত্ৰ ৯০০ কোটি টকাহে লাভ কৰা হৈছিল। এইবাৰ তামিলনাডুৰ ৰে’ল বাজেট ৬০০০ কোটিতকৈও অধিক আৰু ভাৰত চৰকাৰেও ইয়াত ৭৭টা ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰি আছে৷ ইয়াৰ ভিতৰত ৰামেশ্বৰম ৰে’লৱে ষ্টেচনো অন্তৰ্ভুক্ত।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতে বিগত ১০ বছৰত নিজৰ অৰ্থনীতিৰ আকাৰ দুগুণ বৃদ্ধি কৰিছে। এনে দ্ৰুত বৃদ্ধিৰ এটা প্ৰধান কাৰণ হৈছে আমাৰ উৎকৃষ্ট আধুনিক আন্তঃগাঁথনি।
যোৱা ১০ বছৰত আমি ৰে’লৱে, পথ, বিমানবন্দৰ, বন্দৰ, বিদ্যুৎ, পানী, গেছ পাইপলাইন আদি আন্তঃগাঁথনিৰ বাজেট প্ৰায় ৬ গুণ বৃদ্ধি কৰিছো।তেওঁ আৰু কয়, আজি দেশত মেগা প্ৰজেক্টৰ কাম অতি দ্ৰুতগতিত চলি আছে।
উত্তৰ দিশলৈ চালে বিশ্বৰ অন্যতম ওখ ৰে’ল দলং ‘চেনাব দলং’ জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা হৈছে।পশ্চিম দিশলৈ গ’লে দেশৰ আটাইতকৈ দীঘল সাগৰীয় দলং ‘অটল ছেতু’ মুম্বাইত নিৰ্মাণ কৰা হৈছে।
পূব দিশলৈ গ’লে অসমৰ ‘বগীবিল দলং’ চাবলৈ পাব৷উজনিলৈ আহি বিশ্বৰ কেইখনমান উলম্ব লিফ্ট দলঙৰ ভিতৰত অন্যতম ‘পাম্বন দলং’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।