দেওবাৰে কটকত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰিছে ভাৰতে। ইয়াৰ লগে লগে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াই ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰি শৃংখলা দখল কৰিছে ।
আজিৰ মেচত ভাৰতীয় দলৰ জয়ৰ ডাঙৰ নায়ক আছিল অধিনায়ক ৰোহিত শৰ্মা । দীৰ্ঘদিনৰ অন্তত শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ৯০ টা বলত ১১৯ ৰানেৰ এক উজ্জ্বল আৰু স্মৰণীয় ইনিংছ খেলে হিটমেনে । তেওঁৰ উপৰিও শুভমন গীলেও অৰ্ধশতকীয় ইনিংছ খেলি দলৰ জয়ত ডাঙৰ অৱদান আগবঢ়াই ।
কটকৰ বাৰাবাটি খেলপথাৰত খেলা এই খেলখনত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি ৩০৪ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে ।
ইংলেণ্ডৰ হৈ জো ৰুট আৰু বেন ডাকেটে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে অন্তিম অভাৰত লিয়াম লিভিংষ্টনেও ৪১ ৰানৰ দ্ৰুত ইনিংছ খেলি নিজৰ দলৰ স্ক’ৰ ৩০০ ৰানৰ ওপৰলৈ লৈ যোৱাত ডাঙৰ ভূমিকা পালন কৰে ।
ভাৰতে ৪ উইকেটত জয়লাভ কৰে-
যেতিয়া ভাৰতীয় দলটোৱে ৩০৫ ৰানৰ ডাঙৰ লক্ষ্য অনুসৰণ কৰিবলৈ ওলাই আহিছিল, তেতিয়া ৰোহিত শৰ্মা আৰু শুভমন গীলে দলটোক শক্তিশালী আৰম্ভণি দিয়ে ।
তেওঁলোকে একেলগে মাত্ৰ ১৫ অভাৰতে দলৰ স্ক’ৰ ১১৪ লৈ বৃদ্ধি কৰে । ৰোহিত আৰু গীলে ১৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।
দৰাচলতে ৰোহিত আৰু গীলে ভাৰতৰ বিজয়ৰ ভেটি স্থাপন কৰে । বিৰাট কোহলীয়ে পুনৰবাৰ উন্নত প্ৰদৰ্শনত ব্যৰ্থ হৈ মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় ।
প্ৰথমখন মেচত অৰ্ধ শতক অৰ্জন কৰা শ্ৰেয়াছ আয়েৰে আজিৰ মেচত দুৰ্ভাগ্যজনকভাৱে ৪৪ ৰান সংগ্ৰহ কৰি ৰান আউট হয় ।
অক্ষৰ পেটেলে ৪১ ৰানত অপৰাজিত হৈ থাকে আৰু ৰবীন্দ্ৰ জাডেজাই চাৰি কোবাই ভাৰতীয় দলৰ হৈ বিজয়ী শ্বট মাৰে ।
বলাৰসকলেও ভাল প্ৰদৰ্শন আগবঢ়াই, য’ত ৰবীন্দ্ৰ জাডেজাই ৩টা উইকেট দখল কৰে যদিও মহম্মদ ছামীয়ে ৭ অভাৰত ৬৬ ৰান দি অতি ব্যয়বহুল বুলি প্ৰমাণিত হয় ।
ৰোহিত শৰ্মাৰ ৩২ সংখ্যক শতক-
এই খেলখনত ৰোহিত শৰ্মাই এদিনীয়া কেৰিয়াৰৰ ৩২ সংখ্যক শতক অৰ্জন কৰে । ১১৯ ৰানৰ ইনিংছত তেওঁ ১২টা চাৰি আৰু ৭টা ছয় কোবাই ।
উল্লেখ্য যে এয়া ৰোহিতৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৪৯ সংখ্যক শতক । তেওঁ এতিয়া ৫০টা শতক অৰ্জন কৰিবলৈ মাত্ৰ এটা ডাঙৰ ইনিংছ দূৰত আছে ।