দেওবাৰে অনুষ্ঠিত হৈছিল ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ বাবে কটকটীয়াকৈ গঢ়া হৈছিল নিৰাপত্তা ব্যৱস্থা । কিন্তু নিৰাপত্তা বেষ্টনীৰ মাজটো পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে নিলে মোবাইল। অসৎ উপায় অৱলম্বন কৰি মোবাইল ফোন লৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল নগাঁৱৰ এজন যুৱক।গুৱাহাটীৰ নাৰেংগীৰ যুৱনগৰৰ এছ আৰ একাডেমীৰ পৰীক্ষা কেন্দ্ৰৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱক জন হ’ল তেজপুৰৰ চাব্বিৰ হুছেইন।যুৱক জনে পৰীক্ষা কেন্দ্ৰত প্ৰশ্নৰ উত্তৰ লিখি থকাৰ সময়তে বাজি উঠিছিল মোবাইল । তাৰ পিছতেই পৰীক্ষা নিয়ন্ত্ৰকৰ সন্দেহ হোৱাত পকেটত তালাচী চলাই এটা মোবাইল ফোন জব্দ কৰে।পৰীক্ষা নিয়ন্ত্ৰক জনে যুবক জনক নুনমাটি আৰক্ষীক গতাই দিয়ে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। কটকটীয়া তালাচীৰ মাজতেই যুৱক জনে পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন লৈ কিদৰে প্ৰৱেশ কৰিলে সেইয়া তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজৰ মাজত।
