বিশিষ্ট শিক্ষাবিদ , গীতিকাৰ ড০ লক্ষহীৰা দাসৰ দেহাৱসান।৯৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে পুৱতি নিশা নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে লক্ষহীৰা দাসে।
পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ পূৰ্বে হস্পাতালৰ পৰা ঘৰলৈ অনা হৈছিল।
শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে ঘৰতেই পুৱতি নিশা ২.৩০বজাত তেখেতৰ মৃত্যু হয়।
অসমৰ সংগীত সহিত্য শিক্ষা ক্ষেত্ৰৰ হীৰা সদৃশ এক উজ্বল প্ৰতিভা আছিল ড° লক্ষহীৰা দাস। শিক্ষা , শিক্ষাদান কাব্য অনুবাদ গল্পত কৈও গায়িকা তথা গীতিকাৰ ৰূপে অধিক চিনাকি আৰু সদা পৰিচিত আছিল ড০ লক্ষহীৰা দাস ।
যি সময়ত মহিলাৰ কণ্ঠত আইনাম, ধাইনাম, বিয়ানামে শোভা পাই সেই সময়ত অসমীয়া সমাজ জীৱনৰ সময় উপযোগী গীত ৰচনা কৰি অসমীয়া সংগীতক অন্য এক মাত্ৰা দিবলৈ সক্ষম হৈছিল ড০ লক্ষহীৰা দাসে। আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত প্ৰাপ্ত গীতিকাৰ আছিল তেওঁ।
পিতৃ ললিত চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যশিলা বৈশ্য সাউদৰ দ্বিতীয় সন্তান লক্ষহীৰা দাস । পিতৃ ললিত চন্দ্ৰ বৈশ্য সাউদৰ আদৰ্শৰে মানসিকতা গঢ় দি জীৱনৰ বুনিয়াদ শক্তিশালী কৰিছিল লক্ষহীৰা দাসে । ১৯৫৪ চনত ৰামচৰণ দাসৰ সৈতে বিবাহ পাশত আবদ্ধ আবদ্ধ হৈছিল।
তেওঁক জীৱনজোৰা সৃষ্টিৰাজী আৰু প্ৰতিভাৰ বাবে বিভিন্ন সন্মান আগবঢ়োৱা হৈছিল। সৰাপাত আৰু লাচিত বৰফুকনৰ চলচিত্ৰত কণ্ঠ দান কৰিছিল লক্ষহীৰা দাসে।
১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠ শিল্পীৰ বঁটা, ১৯৯৫ চনত অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, ১৯৯৫ চনতেই সংগীতাচাৰ্য উপাধি, ২০০৩ চনত অসম চৰকাৰৰ শিল্পী বঁটা।
২০০৯ চনত প্ৰবিনা শইকীয়া বঁটা, শৈলধৰ ৰাজখোৱা বঁটা ২০১১ চনত , ২০১৫ চনত হাউলী বঁটা, ২০১৯ চনত ভূপেন হাজৰিকা বঁটা , ২০২২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল ।