খাদ্য সুৰক্ষাৰ চিন্তাত কেঁচা কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ এবছৰৰ বাবে নিষিদ্ধ কৰিছে চৰকাৰে । এগৰাকী মহিলাৰ মৃত্যু আৰু আন ১৫ জন অসুস্থ হোৱাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । হায়দৰাবাদত মমো খাই এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছতে তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।
খাদ্য সুৰক্ষা বিষয়াসকলৰ মতে, বিগত কিছু সময়ত ৰাজ্যখনত এনে বহুতো ঘটনা ঘটিছে য’ত কেঁচা কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ খোৱাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে । ইয়াক চেণ্ডউইচ, মমো, শ্বাৱাৰমা আৰু আল ফাহম চিকেন আদিত বহুলভাৱে ব্যৱহাৰ কৰা হয় ।
মেয়নিজ সেৱনৰ ফলত খাদ্যৰ বিষক্ৰিয়াৰ সমস্যা !
তেলেংগানাৰ খাদ্য সুৰক্ষা আয়ুক্তই এক বিবৃতিত কয়, “যোৱা কেইমাহমানৰ পৰা প্ৰাপ্ত পৰ্যৱেক্ষণ আৰু অভিযোগসমূহে প্ৰকাশ কৰিছে যে কেঁচা কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ সেৱনৰ ফলত খাদ্যত বিষক্ৰিয়া হৈছে ।”
আয়ুক্তজনে খাদ্য সুৰক্ষা আৰু কৰ্তৃপক্ষক সতৰ্ক কৰি দিছিল যে “যিবোৰ ক্ষেত্ৰত খাদ্য সামগ্ৰী সমূহ জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়,” তেওঁ কয়, “কেঁচা কণী ব্যৱহাৰ কৰি তৈয়াৰ কৰা মেয়নিজৰ উৎপাদন, সঞ্চয় আৰু বিক্ৰী ৩০ অক্টোবৰ, ২০২৪-ৰ পৰা এবছৰৰ বাবে নিষিদ্ধ কৰা হ’ব ।”
চৰকাৰী আদেশত এইটোও কোৱা হৈছে যে যেতিয়াই কোনো যুক্তিসংগত কাৰণ থাকে, খাদ্য সামগ্ৰীৰ সৈতে সম্পৰ্কিত সাম্ভাব্য স্বাস্থ্য বিপদাশংকাৰ বিষয়ে ৰাইজক সতৰ্ক কৰা হ’ব ।
মমো খাই মহিলাৰ মৃত্যু-
মঙলবাৰে হায়দৰাবাদত এগৰাকী ৩১ বছৰীয়া মহিলাৰ মমো খোৱাৰ পিছত মৃত্যু হয় আৰু আন ১৫ গৰাকী অসুস্থ হৈ পৰে । প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছিল যে এই বিক্ৰেতাসকলে একেজন যোগানকৰ্তাৰ পৰা মমো আনিছিল । কেইদিনমান পূৰ্বে, শ্বাৱাৰমা বিপনীসমূহত খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা পোহৰলৈ আহিছিল, যাৰ ফলত স্বাস্থ্য বিষয়াসকলে চহৰখনৰ শ্বাৱাৰমা আৰু মাণ্ডি বিপনীসমূহত অভিযান চলাইছিল ।