এতিয়াৰে পৰা অবিবাহিত দম্পতীক আৰু entry দিয়া নহ’ব OYOহোটেলবোৰত। কাৰণ OYO ক আহি গ’ল নতুন নিৰ্দেশনা। যাকে তাকে স্বাগতম জনোৱা নহ’ব OYOত। চেক-ইন নিয়ম সংশোধন কৰি দিলে OYOএ।
নতুন নিৰ্দশনাৰ অধীনত, সকলো দম্পতীয়ে চেক-ইনৰ সময়ত দেখুৱাব লাগিব প্ৰমাণ-পত্ৰ। তেওঁলোকৰ সম্পৰ্কৰ বৈধ প্ৰমাণ উপস্থাপন কৰিব লাগিব আনকি অনলাইন বুকিঙৰ সময়তো প্ৰযোজ্য হব এই নিয়ম।
উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা ৰূপায়ণ আৰম্ভ হ’ব OYOৰ এই নতুন নীতিৰ। OYO কৰ্তৃপক্ষই সহযোগী হোটেলসমূহক এই নতুন নীতি অতিশীঘ্ৰে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
পৰৱৰ্তী সময়ত দেশৰ অন্য চহৰলৈও OYOএ এই সংশোধনী নিয়ম ৰূপায়ণ কৰিব বুলিও জানিবলৈ দিছে। OYOৰ উত্তৰ ভাৰতৰ ৰিজ’ন হেডে কয় যে “OYO নিৰাপদ আৰু দায়িত্বশীল আতিথ্য পদ্ধতি বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
“আমি ব্যক্তি স্বাধীনতা আৰু ব্যক্তিগত স্বাধীনতাক সন্মান কৰোঁ যদিও আমি কাম কৰা ক্ষুদ্ৰ বজাৰসমূহত আইন প্ৰয়োগকাৰী আৰু নাগৰিক সমাজৰ কথা শুনা আৰু কাম কৰাৰ দায়িত্বও স্বীকাৰ কৰো।’’