বহুলোকে সোণ বা হীৰাৰ আ-অলংকাৰ সমূহ ঘৰৰ সলনি বেংকৰ লকাৰত ৰাখিব বিচাৰে। কাৰণ সকলোৱে ভাৱে যে বেংকৰ লকাৰত অলংকাৰ সমূহ সুৰক্ষিত হৈ থকিব।
কিন্তু জিলাখনত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা শাখাৰ পৰা নোহোৱা হ’ল ৮১ লাখ টকাৰ গহনা । জানিব পৰা মতে আনন্দ স্বৰূপ শ্ৰীবাস্তৱে তেওঁৰ পৈতৃক কিছু আ-অলংকাৰ ৰাখিছিল লকাৰটোত।
শেষবাৰৰ বাবে চলিত বৰ্ষৰ ১৩ আগষ্ট তাৰিখে লকাৰটো খুলিছিল,য’ত মূল্যৱান সোণ আৰু ৰূপৰ অলংকাৰ তিনিটা বাকচত ৰখা হৈছিল।লকাৰটো বন্ধ হোৱাৰ সময়ত বেংকৰ একাউণ্টেণ্ট প্ৰণয় শ্ৰীবাস্তৱ আৰু অন্যান্য কৰ্মচাৰীসকল উপস্থিত আছিল।
কিন্তু হঠাৎ বেংকৰ কৰ্মচাৰীয়ে আনন্দ স্বৰূপ শ্ৰীবাস্তৱক জানিবলৈ দিয়ে যে লকাৰৰ পৰা নোহোৱা হ’ল গহনা খিনি। ব্যক্তি গৰাকীৰ অভিযোগ বেংকৰ কৰ্মচাৰী সকলে চুৰি কৰিলে সকলো গহনা।
চুৰি হোৱা গহনাবোৰৰ ভিতৰত আছিল চাৰিডাল সোণৰ নেকলেচ, ১৬ ডাল সোণৰ খাৰু , ১০ টা আঙুঠি এটা আধা পেটী ৰূপ, আৰু ৯০ টা ৰূপৰ মুদ্ৰা। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।