“মই ভাবো এতিয়া বহুত পৰিৱৰ্তন হৈছে। ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত মাত্ৰ এখন মেচহে জিকিব,” “যি দলে অষ্ট্ৰেলিয়াক তেওঁলোকৰ ঘৰৰ মাটিতেই দুবাৰ কৈ পৰাস্ত কৰিছিল , সেই দলকলৈয়ে ৰিকি পন্টিংৰ বিস্ফোৰক মন্তব্য। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিংয়ে দাবী কৰিছিল যে এইবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী আয়োজকৰ নামতেই থাকিব।
ৰিকি পন্টিংয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াত বিজেতাক লৈও ভৱিষ্যতবাণী কৰিছে। পন্টিংয়ে এটা সাক্ষাৎকাৰত কৈছে যে অষ্ট্ৰেলিয়াই ৫ খন খেলৰ এই শৃংখলাটো ৩-১ ত জিকিব। ভাৰত বনাম অষ্ট্ৰেলিয়াৰ এই শৃংখলাটোৱে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ফাইনেল কোনবোৰ দলে খেলিব সেয়াও নিৰ্ণয় কৰিব।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন খেলৰ শৃংখলা অৰ্থাৎ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২২ নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ’ব। ইয়াৰ পিছত, শৃংখলাটোৰ পৰৱৰ্তী চাৰিখন মেচ এডিলেড, ব্ৰিছবেন, মেলবৰ্ণ আৰু চিডনীত অনুষ্ঠিত হ’ব। অষ্ট্ৰেলিয়াই শেষবাৰৰ বাবে ১০ বছৰ আগতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিছিল। ভাৰতে অষ্ট্ৰেলিয়াক নিজৰ মাটিতেই দুবাৰকৈ পৰাজিত কৰিছে।
ৰিকি পন্টিংয়ে শৃংখলাটোৰ বিষয়ে লগতে কয় যে , “মই ভাবো অষ্ট্ৰেলিয়াৰ দলটো এতিয়া যথেষ্ট সতৰ্ক হৈছে । দলটোত বহুতো অভিজ্ঞ খেলুৱৈ আছে। আমি সকলোৱে জানো যে তেওঁলোকক নিজৰ ঘৰত পৰাজিত কৰাটো বহুত কঠিন। গতিকে মই বিশ্বাস কৰোঁ যে অষ্ট্ৰেলিয়াই শৃংখলাটো ৩-১ ত জিকিব,” অষ্ট্ৰেলিয়াই ডব্লিউটিচি ২০২৫ চক্ৰত ঘৰুৱা খেলত ৫ খন টেষ্ট মেচ জিকিছে।
যদি ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন খেলৰ শৃংখলাৰ ভিতৰত ৪ খনত জয়লাভ কৰে, তেন্তে ডব্লিউটিচিৰ ফাইনেল খেলিবলৈ সিদ্ধান্ত লোৱা হ’ব। কিন্তু যদি ভাৰতীয় দলটোৱে ৩ বা তাতকৈ কম মেচ জিকে, তেন্তে ই আন দলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। অষ্ট্ৰেলিয়াৰ পৰিস্থিতিও একে। যদি অষ্ট্ৰেলিয়াই শৃংখলাটো জিকে তেন্তে ই ফাইনেলত উপনীত হ’ব।