আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বৃহৎ সালসলনি । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তথা আৰ চি বিয়ে আই পি এলৰ নতুন অধিনায়ক নিশ্চিত কৰিছে । দলটোৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰজত পাটিদাৰ ।
ইয়াৰ পূৰ্বে এই পদৰ বাবে আগশাৰীৰ খেলুৱৈ আছিল বিৰাট কোহলী, যিয়ে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ২০২৩ চনৰ আই পি এলত তিনিখন মেচৰ অধিনায়ক আছিল তেওঁ ।
২০২১ চনৰ পৰা আৰ চি বিৰ সৈতে জড়িত ৰজত পাটিদাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ পূৰ্বে তেওঁলোকৰ তিনিজন ৰিটেইনড খেলুৱৈৰ ভিতৰত অন্যতম আছিল । ৩১ বছৰীয়া পাটিদাৰে নিজৰ ৰাজ্যিক দল মধ্যপ্ৰদেশৰ ২০২৪–২৫ ছিজনত চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অধিনায়কত্ব কৰিছিল ।
২০১৩ চনৰ পৰা ২০২১ চনৰ ভিতৰত আৰ চি বিৰ অধিনায়ক আছিল বিৰাট কোহলী । তেওঁৰ পিছত ফাফ ডু প্লেচিছে দায়িত্ব লয় । কিন্তু যোৱা বছৰৰ মেগা নিলামৰ পূৰ্বে ২০২২ চনৰ পৰা ২০২৪ চনলৈকে তেওঁলোকৰ অধিনায়ক হিচাপে থকা ডু প্লেছিছক আৰ চি বিয়ে মুকলি কৰি দিছিল । ৪০ বছৰীয়া ডু প্লেছিছে এই ছিজনত দিল্লী কেপিটেলছৰ হৈ খেলিব ।
আৰচিবিৰ ৮ম অধিনায়ক হ’ব ৰজত পাটিদাৰ । ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড় (১৪), কেভিন পিটাৰছন (৬), অনিল কুম্বলে (৩৫), ডেনিয়েল ভেট্ট’ৰী (২৮), বিৰাট কোহলি (১৪৩), শ্বেন ৱাটছন (৩) আৰু ফাফ ডু প্লেছিছ (৪২) দলৰ অধিনায়ক হিচাপে আছিল ।
নিলামৰ পূৰ্বে আৰ চি বিয়ে ধৰি ৰখা খেলুৱৈসকলৰ ভিতৰত আছিল ৰজত পাটিদাৰ (১১.০০ কোটি টকা) । চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম টি) আৰু বিজয় হাজাৰে ট্ৰফীত মধ্যপ্ৰদেশক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে । পাটিদাৰে মধ্যপ্ৰদেশক নেতৃত্ব দি এছ এম টি ২০২৪/২৫ৰ ফাইনেলত মুম্বাইৰ হাতত ৫ উইকেটত পৰাস্ত হয় । ইয়াৰ উপৰিও অজিংক্য ৰাহানে (৪৬৯)ৰ পিছত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ১০খন মেচত গড়ে ৬১.১৪ আৰু ষ্ট্ৰাইক ৰেট ১৮৬.০৮ ৰান কৰি ৪২৮ ৰান সংগ্ৰহ কৰে ।
১৪৩খন মেচত আৰচিবিৰ অধিনায়কত্ব কৰিছিল কোহলীয়ে-
আই পি এলত ১৪৩খন মেচত আৰ চি বিক নেতৃত্ব দিয়া কোহলীয়ে এম এছ ধোনীৰ পিছত অধিনায়ক হিচাবে দ্বিতীয় সৰ্বাধিক । তেওঁলোকৰ অভিলেখ হৈছে ৬৮টা জয় আৰু ৭১টা পৰাজয় আৰু চাৰিটাত কোনো ফলাফল নাই । আৰ চি বিয়ে আই পি এলত জয়ী হোৱা নাই যদিও ২০১৬ চনত কোহলীয়ে তেওঁলোকক ফাইনেললৈ লৈ গৈছিল, যিটো ছিজনত তেওঁ অভিলেখ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল ।