আই আই এম আহমেদাবাদ ভাৰতৰ অন্যতম সন্মানীয় মেনেজমেণ্ট ইনষ্টিটিউট । ১৯৬১ চনত প্ৰতিষ্ঠা হোৱা এইখন ভাৰতীয় মেনেজমেন্ট শিক্ষাৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে । আই আই এম আহমেদাবাদ উচ্চমানৰ শিক্ষা, উৎকৃষ্ট অধ্যাপক আৰু উদ্যোগৰ শক্তিশালী সংযোগৰ বাবে পৰিচিত ।
১/ NIRoff ৰেংকিং-
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক ৰেংকিং ২০২৪ত আই আই এম আহমেদাবাদে পৰিচালনা বিভাগত সৰ্বভাৰতীয় ১ নং স্থান লাভ কৰিছে । পৰিচালনা শিক্ষা আৰু গৱেষণাৰ উচ্চতম মানদণ্ড বজাই ৰখাৰ বাবে প্ৰতিষ্ঠানটোৱে প্ৰতিশ্ৰুতিবদ্ধ । উল্লেখ্য যে আই আই এম আহমেদাবাদে একেৰাহে পঞ্চম বছৰৰ বাবে ১ নম্বৰ ৰেংক লাভ কৰিছে ।
২/ শৈক্ষিক কাৰ্যসূচী-
আই আই এম আহমেদাবাদে বিভিন্ন শৈক্ষিক কাৰ্যসূচী আগবঢ়ায়, য’ত আছে:
পিজিপি (পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম ইন মেনেজমেণ্ট): ই দুবছৰীয়া কাৰ্যসূচী যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিচালনাৰ বিভিন্ন দিশৰ গভীৰ জ্ঞান প্ৰদান কৰে ।
EXPGP (Executive Post Graduate Programme): এই প্ৰগ্ৰেমটো কৰ্মৰত পেছাদাৰীসকলৰ বাবে ডিজাইন কৰা হৈছে যিসকলে নিজৰ কেৰিয়াৰ আগুৱাই নিব বিচাৰে ।
ফেলো প্ৰগ্ৰেম : এই গৱেষণা ভিত্তিক প্ৰগ্ৰেমটো শৈক্ষিক বা গৱেষণা ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ।
৩/ প্লেচমেণ্ট ৰেকৰ্ড-
আই আই এম আহমেদাবাদৰ প্লেচমেণ্টো উৎকৃষ্ট । ২০২৩ চনত প্ৰতিষ্ঠানখনৰ গড় চি টি চি আছিল ৩১,৪৯,৯১০ টকা । আনহাতে, সৰ্বোচ্চ চি টি চি আছিল ৬১,৪৮,৬৪০ টকা । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠানটোৰ প্লেচমেণ্টত সৰ্বোচ্চ চি টি চি আছিল ১,৫১,২৯০ মাৰ্কিন ডলাৰ । এই পৰিসংখ্যাই দেখুৱাইছে যে প্ৰতিষ্ঠানটোৰ স্নাতকসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে উৎকৃষ্ট প্লেচমেণ্ট আৰু প্ৰতিযোগিতামূলক দৰমহা লাভ কৰিছে ।
৪/ নামভৰ্তি প্ৰক্ৰিয়া-
আই আই এম আহমেদাবাদত নামভৰ্তি পাবলৈ ছাত্ৰ-ছাত্ৰীয়ে CAT পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব । ইয়াৰ পিছত নিৰ্বাচন প্ৰক্ৰিয়াত গ্ৰুপ ডিছকাছন আৰু ব্যক্তিগত সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হয় । এই প্ৰক্ৰিয়াৰ কঠিনতা আৰু প্ৰতিযোগিতামূলকতাই ইয়াক দেশৰ ভিতৰতে অন্যতম প্ৰত্যাহ্বানমূলক প্ৰৱেশ পৰীক্ষা হিচাপে গঢ়ি তুলিছে ।
৫/ কেম্পাছ আৰু সুবিধা-
আই আই এম আহমেদাবাদৰ কেম্পাছ অত্যাধুনিক সা-সুবিধাৰে সজ্জিত, য’ত আছে পুথিভঁৰাল, কম্পিউটাৰ লেব, ক্ৰীড়া সুবিধা আৰু হোষ্টেল । শিক্ষাদান আৰু গৱেষণাৰ বাবে শিক্ষানুষ্ঠানৰ পৰিবেশ অনুকূল ।
৬/ উদ্যোগৰ সহযোগিতা-
আই আই এম আহমেদাবাদে বহু আগশাৰীৰ কোম্পানীৰ সৈতে শক্তিশালী সম্পৰ্ক স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক ইন্টাৰশ্বিপ আৰু প্লেচমেণ্টৰ সুযোগ প্ৰদান কৰিছে । ইয়াৰ উপৰিও ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নেটৱৰ্ক অতি শক্তিশালী, য’ত বহু সফল ব্যৱসায়ী আৰু নেতা অন্তৰ্ভুক্ত ।
আই আই এম আহমেদাবাদক কেৱল ভাৰততে নহয়, বিশ্বজুৰিও এক আগশাৰীৰ মেনেজমেণ্ট ইনষ্টিটিউট হিচাপে গণ্য কৰা হয় । ইয়াৰ শৈক্ষিক মানদণ্ড, উদ্যোগৰ সংযোগ আৰু সামগ্ৰিক উন্নয়নত মনোনিৱেশ কৰাৰ ক্ষমতাই ইয়াক অন্যান্য প্ৰতিষ্ঠানৰ তুলনাত পৃথক কৰি তোলে ।