IPHONE 16 মুকলি হোৱাৰ পিছতেই প্ৰায় সংখ্যক লোকেই ফোনটো ক্ৰয় কৰিব বিচাৰিছে বা বহুতে ক্ৰয়ো কৰিছে। কিন্তু তাৰ মাজতে এখন দেশত নিষিদ্ধ হ’ল আইফোন ১৬। সেই দেশখন হৈছে ইণ্ডোনেচিয়া। ইণ্ডোনেচিয়াই এপলৰ শেহতীয়া আইফোনৰ বিক্ৰীত বাধা আৰোপ কৰিছে। ইয়াৰ আঁৰৰ কাৰণটো দেশখনত কোম্পানীটোৱে কৰা বিনিয়োগৰ চৰ্ত পূৰণ নকৰা বুলি কোৱা হৈছে। মঙলবাৰে ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰী আগুছ গুমিৱাং কাৰ্টাস্মিতাই নিৰ্দেশনা জাৰি কৰাৰ লগতে ইণ্ডোনেচিয়াবাসীক আইফোন ১৬ ক্ৰয় নকৰিবলৈ সতৰ্কবাণী দিছে। মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে “যদি ইণ্ডোনেছিয়াত কোনো লোকে আইফোন ১৬ ত কাম কৰে, তেনেহলে ই “অবৈধ” আৰু এনে বিষয়বোৰ চৰকাৰক জনোৱা উচিত।দৰাচলতে এপলে ১.৭১ ট্ৰিলিয়ন টকাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত মাত্ৰ ১.৪৮ট্ৰিলিয়ন টকাহে (প্ৰায় ৯৫ নিযুত ডলাৰ) বিনিয়োগ কৰিছে, বৰ্তমানেও দেশখনক ২৩০ বিলিয়ন টকা দিবলৈ আছে। যাৰ বাবে দেশখনত আইফোন ১৬ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে।