কাণৰ সংক্ৰমণ হোৱাটো প্ৰায়ে সাধাৰণ কথা । কাণত পানী সোমোৱাৰ বাবে বা আন যিকোনো ধৰণৰ সংক্ৰমণ হৈ বিষ হ’ব পাৰে । কাণ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, সেয়েহে ইয়াক বিশেষ যত্নৰ প্ৰয়োজন হয় । ই এটা সুক্ষ্ম অংগও, সেয়েহে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰো যত্ন ল’ব লাগে । কাণত যিকোনো ধৰণৰ সমস্যা হ’লে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে । কিন্তু সাধাৰণ কিছুমান কাৰণত হোৱা কাণৰ বিষৰ পৰা কিছু ঘৰুৱা উপায়েও সকাহ পোৱাত সহায় কৰিব পাৰে ।
সৰিয়হৰ তেল-
সৰিয়হৰ তেলে কাণত জমা হোৱা মলি আঁতৰোৱাত সহায় কৰিব পাৰে । ২-৩ টোপাল সৰিয়হৰ তেল কাণত দিলে উপকাৰ পাব পাৰে । বিষ হোৱা কাণত সৰিয়হৰ তেল কেইটোপালমান দি ১০-১৫ মিনিট হেলনীয়া কৰি ৰাখিব । সাৱধানে তেলখিনি কাণৰ কাষত দিব যাতে তেল কাণৰ ভিতৰলৈ নাযায় । এই তেলে কাণৰ পৰা মলি আঁতৰোৱাত সহায় কৰিব পাৰে ।
নহৰু-
এনে বহু উপাদান নহৰুতো পোৱা যায় যিয়ে কাণৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে । ইয়াৰ বাবে সৰিয়হৰ তেলত ২-৩ ফোটা নহৰু গৰম কৰি বিষত আক্ৰান্ত কাণত ২-৩ টোপাল দিব । বিষ কমোৱাত নহৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হয় আৰু লগতে তৎক্ষণাত সকাহ দিয়ে ।
(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)