বিভিন্ন সময়ত মাউন্ট এভাৰেষ্টৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ পৰ্বত পৰ্বতাৰোহীয়ে জয় কৰাৰ কথা আপুনি নিশ্চয় প্ৰায়ে শুনিছে, কিন্তু আপুনি জানেনে যে পৃথিৱীৰ বহু পৰ্বতত পৰ্বতাৰোহীক বগাবলৈ দিয়া নহয় । এই তালিকাত মাউণ্ট কৈলাশ, কাঞ্জনজংঘাৰ পৰা গান্ধৰ পেনছামলৈকে নাম আছে ।
কৈলাশ পৰ্বত-
হিন্দুৰ বাহিৰেও জৈন আৰু বৌদ্ধ ধৰ্মত কৈলাশ পৰ্বত অতি পবিত্ৰ বুলি গণ্য কৰা হয় । প্ৰায় প্ৰতি বছৰে দূৰ-দূৰণিৰ পৰা বিভিন্ন লোকে এই পৰ্বত চাবলৈ তীৰ্থ যাত্ৰাত আহে । কিন্তু আপুনি জানেনে কৈলাশ পৰ্বত বগোৱাৰ অনুমতি নাই । প্ৰকৃততে এই পৰ্বটোক অতি বিপদজনক বুলি গণ্য কৰা হয় ।
গংখাৰ পুয়েনছুম-
ভূটানৰ আইন অনুসৰি সেই দেশৰ কোনো ব্যক্তিয়ে ৬০০০ মিটাৰতকৈ ওখ কোনো পৰ্বত বগাব নোৱাৰে । ইয়াতকৈ ওখ পৰ্বত বগোৱা নিষিদ্ধ । একে সময়তে ভূটানত অৱস্থিত গংখাৰ পুয়েনছামৰ উচ্চতা ৭৫০০ মিটাৰতকৈও অধিক । ইয়াৰ বাহিৰেও স্থানীয় লোকৰ মাজত এই পৰ্বতটোৰ ধৰ্মীয় গুৰুত্ব আছে । সেইবাবে গংখাৰ পুয়েনছামত মানুহৰ আৰোহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
কাঞ্চনজংঘা-
ছিকিমৰ মানুহে কাঞ্চনজংঘা পৰ্বতক ঈশ্বৰ আৰু দেৱতাৰ বাসস্থান বুলি গণ্য কৰে । একে সময়তে এই ধৰ্মীয় বিশ্বাসৰ বাবে ছিকিম চৰকাৰে কাঞ্চনজুংঘা পৰ্বত আৰোহণত নিষেধাজ্ঞা আৰোপ কৰিছে । যদিও পূৰ্বে কাঞ্চনজুংঘা পৰ্বত আৰোহণত কোনো নিষেধাজ্ঞা নাছিল, কিন্তু এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
মাছাপুচ্ছৰে-
মাছাপুচ্ছৰে পৰ্বত নেপালত অৱস্থিত । মাছাপুচ্ছৰেক গুৰুং সম্প্ৰদায় আৰু হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে । ইয়াৰ আঁৰৰ ধৰ্মীয় বিশ্বাস যে ই ভগৱান শিৱৰ বাসস্থান । একে সময়তে নেপাল চৰকাৰে এই পৰ্বতলৈ অভিযান চলাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে । এতিয়া মানুহে এই পৰ্বতত আৰোহণ কৰিব নোৱাৰে ।