উচ্চতম ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশ সন্দৰ্ভত সাংসদ নিশিকান্ত ডুবেৰ বিতৰ্কিত বক্তব্যক লৈ আৰম্ভ হৈছে অৱমাননাৰ গোচৰ।
উচ্চতম ন্যায়ালয়ৰ অভিলেখত থকা এজন অধিবক্তাই এটৰ্নী জেনেৰেললৈ এখন পত্ৰ লিখি অৱমাননা মামলা দাখিল কৰাৰ অনুমতি বিচাৰিছে।
উচ্চতম ন্যায়ালয় সন্দৰ্ভত বিজেপি সাংসদ নিশিকান্ত ডুবেই দিয়া বক্তব্যত বিহাৰত ভাৰতীয় মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ অধ্যক্ষ তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেজস্বী যাদৱে কয় যে উচ্চতম ন্যায়ালয়ক লৈ এনে মন্তব্য কৰা উচিত নহয়।যদি কোনো ব্যক্তিয়ে এনে মন্তব্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব লাগে।
দৰাচলতে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই উচ্চতম ন্যায়ালয়ক লৈ এক বিবৃতি দি ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে।তেওঁ উচ্চতম ন্যায়ালয়ে সংসদৰ আইন প্ৰণয়ন ক্ষমতা দুৰ্বল কৰাৰ আৰু নিজৰ সাংবিধানিক সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ সমান্তৰালকৈ তেওঁ লগতে কয় যে দেশত ধৰ্মযুদ্ধৰ গৈ আছে। তেওঁৰ এই বক্তব্যক কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতাক লক্ষ্য কৰি লোৱা হৈছে।
বিজেপিৰ সাংসদগৰাকীয়ে লগতে কয় যে, ‘যদি আমি সকলো কামৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাবলগীয়া হয়, তেতিয়াহলে সংসদ আৰু বিধানসভাৰ কোনো অৰ্থ নাই,এইটো বন্ধ কৰিব লাগে’।
‘আপুনি নিযুক্তি কৰ্তৃপক্ষক কেনেকৈ নিৰ্দেশনা দিব পাৰে? ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে।সংসদে এই দেশৰ আইন প্ৰণয়ন কৰে’।
‘নতুন আইনখন কেনেকৈ বনালে? কোনখন আইনত লিখা আছে যে ৰাষ্ট্ৰপতিয়ে ৩ মাহৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব? অৰ্থাৎ আপুনি এই দেশখনক অৰাজকতাৰ দিশে লৈ যাব বিচাৰে।”
তেওঁৰ এই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাসকলে।কংগ্ৰেছৰ সাংসদ মানিকম ঠাকুৰে ইয়াক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ডুবেৰ বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আশা প্ৰকাশ কৰে।