সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটে প্ৰায়ে অনুৰাগীসকলৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সামাজিক মাধ্যমত দেখা যায়।শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ৰাজস্থান ভ্ৰমণৰ কিছু ফটো শ্বেয়াৰ কৰিছে।

ৰাজস্থানৰ মীৰাবাইৰ প্ৰাসাদত কংগনাই সময় কটোৱা দেখা গৈছে।

দৰাচলতে ৰাজস্থানৰ চিতোৰগড় কিলাৰ থকা তেওঁলোকৰ কুলদেৱীৰ মন্দিৰত উপস্থিত হৈছিল অভিনেত্ৰী গৰাকী। কংগনাই মন্দিৰত উপস্থিত হৈ ধ্যান কৰা পৰিলক্ষিত হয়। গোলপীয়া এজোৰ চেলোৱাৰ কামিজত অতি সুন্দৰ দেখিছিল কংগনা ৰাণাৱটক।

অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া ছবি ‘ইমাৰ্জেন্সি’ ইতিমধ্যে মুক্তিৰ বাবে সাজু হৈছে।কংগনাৰ ছবিখনৰ বাবে তেওঁৰ অনুৰাগী সকলেও অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছবিখনত, কংগনাক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।মাণিকাৰ্নিকাৰ পিছত ইমাৰ্জেন্সি হৈছে কংগনাই পৰিচালনা কৰা দ্বিতীয়খন ছবি।