মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন ২০২৪ত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে এক ঐতিহাসিক প্ৰদৰ্শন দেখুৱালে। ভাৰতীয় জনতা পাৰ্টীয়ে ১৩২ খন আসন আৰু শিৱসেনাই ৫৭ খন আসন লাভ কৰিছিল।
কিন্তু মনোযোগ আকৰ্ষণ কৰা আসনখন আছিল মহাৰাষ্ট্ৰৰ ভাৰ্ছোভা বিধানসভা আসন।য’ৰ পৰা বিগ বছৰ খ্যাত অভিনেতা এজাজ খানে প্ৰতিদ্বন্দিতা কৰিছিল।
চন্দ্ৰশেখৰ আজাদৰ দল আজাদ সমাজ পাৰ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে, সামাজিক মাধ্যমত লাখ লাখ অনুসৰণকাৰী থকা অভিনেতা আজাজ খানে ভোট পালে মাত্ৰ ১৫৫ টা।
শিৱসেনাৰ হাৰুণ খানে ভাৰ্ছোভা বিধানসভা আসনত ১,৬০০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। পৰাজিত হোৱাৰ পিছত এজাজ খানে এটা সাক্ষাৎকাৰত কৈছে যে “সকলোবোৰ ই ভি এমৰ খেল, যিসকলে বছৰ বছৰ ধৰি ৰাজনীতিত আছে, ডাঙৰ দল আৰু ডাঙৰ নাম, সেই প্ৰাৰ্থীসকলেও নিৰ্বাচনত পৰাজিত হৈছে, বা খুব কম ভোট লাভ কৰিছে। মই এজন সমাজকৰ্মী আৰু মই মানুহৰ কণ্ঠস্বৰ হ’বলৈ চেষ্টা কৰি আছো”।
এজাজ খানৰ বিষয়ে ক’বলৈ গ’লে, এজাজ খান পেছাত এজন অভিনেতাষ যাক বিগ বছ ৭-ত দেখা গৈছিল আৰু তেওঁ এজন অতি জনপ্ৰিয় প্ৰতিযোগী আছিল। ইনষ্টাগ্ৰামত তেওঁৰ ৫.৬ মিনিয়ন অনুসৰণকাৰী আছে।