নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনৰ (নাছা) মহাকাশযান পাৰ্কাৰ ছ’লাৰ প্ৰ’বে ( Parker Solar Probe) ইতিহাস সৃষ্টি কৰিছে । ই সূৰ্যৰ আটাইতকৈ ওচৰলৈ যোৱাৰ অভিলেখ গঢ়ি তুলিছে । এখন সৰু গাড়ীৰ সমান এই মহাকাশযানখনে সূৰ্যৰ পৃষ্ঠৰ পৰা ৬১ লাখ কিলোমিটাৰ দূৰত্বত পাৰ হৈ যায় য সূৰ্যৰ আটাইতকৈ ওচৰৰ বিন্দুত উপনীত হোৱাৰ পিছতো সম্পূৰ্ণ নিৰাপদ আৰু স্বাভাৱিকভাৱে কাম কৰি আছে এই মহাকাশযানখনে ।
শুকুৰবাৰে নাছাই কয় যে তেওঁলোকৰ মহাকাশ যানখন সূৰ্যৰ আটাইতকৈ ওচৰলৈ যোৱা প্ৰথমখন মানৱসৃষ্ট মহাকাশযান হিচাপে পৰিগণিত হৈছে । এই মহাকাশযানখনে যোৱা ২৪ ডিচেম্বৰত সৌৰপৃষ্ঠৰ পৰা মাত্ৰ ৬১ লাখ কিলোমিটাৰ দূৰত্বত পাৰ হৈছিল । এই মহাকাশযানখনে সূৰ্য্যৰ বাহ্যিক বায়ুমণ্ডল অৰ্থাৎ ক’ৰ’নাত উপনীত হয় ।
নাছাৰ এই অভিযানৰ উদ্দেশ্য হৈছে পৃথিৱীৰ নিকটতম নক্ষত্ৰ সূৰ্য্যৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা । সূৰ্য্যৰ বাহিৰৰ বায়ুমণ্ডলত উপনীত হোৱা মহাকাশযানখনে বিজ্ঞানীসকলক সূৰ্য্যৰ বিষয়ে অধিক তথ্য লাভ কৰাত সহায় কৰিব ।
দুদিন পূৰ্বে সংকেত লাভ কৰিছিল-
মহাকাশ সংস্থাটোৱে জনোৱা মতে, মেৰিলেণ্ডৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীৰ এটা দলে বৃহস্পতিবাৰে মাজনিশাৰ কিছু সময়ৰ পূৰ্বে মহাকাশযানখনৰ পৰা বিকন টোন নামৰ সংকেত লাভ কৰে । সংস্থাটোৱে আৰু কয় যে পাৰ্কাৰ ছ’লাৰ প্ৰ’ব মহাকাশযানখনে ১ জানুৱাৰীত ইয়াৰ অৱস্থা আৰু তথ্যৰ বিশদ তথ্য প্ৰেৰণ কৰিব । ২০১৮ চনত পাৰ্কাৰ ছ’লাৰ প্ৰ’ব উৎেক্ষপন কৰা হৈছিল । শুক্ৰৰ কাষেৰে পাৰ হৈ যোৱাৰ লগে লগে ই নিজৰ কক্ষপথ সূৰ্য্যৰ ওচৰলৈ টানি আনিছে ।
অপৰিসীম তাপ আৰু ছুপাৰ স্পীডেৰে সূৰ্য্যৰ ওচৰ পালেগৈ-
নাছাৰ ৱেবছাইট অনুসৰি এই মহাকাশযানখনে প্ৰতি ঘণ্টাত ৬ লাখ ৯২ হাজাৰ কিলোমিটাৰ বেগেৰে উৰা মাৰিছিল আৰু ৯৮২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপ অনুভৱ কৰিছিল ।
নাছাই প্ৰকাশ কৰিছে যে সূৰ্যৰ ইমান ওচৰলৈ গৈ, মহাকাশযানখনে কৰোনাৰ পদাৰ্থ কেনেদৰে লাখ লাখ ডিগ্ৰী লৈকে গৰম হয়, য’ত সৌৰ বায়ু (সূৰ্যৰ পৰা ওলোৱা কণাৰ সোঁত) উৎপন্ন হয়, আৰু কেনেদৰে কিছুমান কণা পোহৰৰ গতিৰ ওচৰলৈ দ্ৰুতগতিত আগবাঢ়ে সেয়া অধ্যয়নত সহায় কৰিব ।