বৰ্তমানো চলি আছে ইজৰাইল-ইৰানৰ মাজত সংঘাত। যাৰ ফলত দুয়োখন দেশে সামৰিক শক্তি বঢ়াইন আক্ৰমণ সংঘটিত কৰি আছে। শেহতীয়াকৈ ইজাৰইলে তেহৰান, গাজাত আক্ৰমণ চলায় আৰু হামাছৰ সৰ্বোচ্চ নেতা ইয়াহ্যা সিৱনাৱাৰক হত্যা কৰে। তাৰ প্ৰত্যুত্তৰ হিচাপে হিজবুল্লাইও ইজৰাইৰ চোৰাংচোৱা মছাদৰ কাৰ্য়ায়লক লক্ষ্য আক্ৰমণ সংঘটিত কৰে। ইজৰাইলেও শেহতীয়াকৈ বেইৰুটত স্মাৰ্ট বোমা নিক্ষেপ কৰিছে, যাৰ বাবে বেইৰুটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু হাই এলাৰ্ট জাৰি কৰে।
এনে পৰিস্থিতিত পৃথিৱীত কিমান প্ৰকাৰৰ বোমা ব্যৱহাৰ হয় ?
স্মাৰ্ট বোমা, ইয়াক গাইডেড মিউনিয়ন বোলা হয়। এই বোমাবোৰত আজিৰ বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হয়। এই বোমাবোৰত GPS আৰু লেজাৰৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, যাৰ বাবে নিজৰ লক্ষ্যত সঠিকভাৱে আক্ৰমণ কৰিব পাৰে। ইজৰাইলৰ স্মাৰ্ট বোমাৰে বেইৰুটত ব্যাপক ক্ষতিসাধন কৰিছে, যাৰ ফলত এই বোমাৰ প্ৰভাৱৰ কথা পোহৰলৈ আহিছে।
পৃথিৱীত কিমান প্ৰকাৰৰ বোমা ব্যৱহাৰ কৰা হৈছে?
বৰ্তমান সময়ত বিশ্বৰ প্ৰতিখন দেশেই যুদ্ধসদৃশ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ বিশেষ ধৰণৰ বোমা নিৰ্মাণ কৰি আহিছে। এনে পৰিস্থিতিত পৃথিৱীত কিমান প্ৰকাৰৰ বোমা আছে জানো?
গাইডেড বোমাঃ এই বোমাই নিজৰ লক্ষ্য চিনাক্ত কৰাৰ পিছত পৰি পৰে। লক্ষ্যটোক সঠিকভাৱে নিৰ্মূল কৰে। যেনে JDAM (জইণ্ট ডাইৰেক্ট এছাল্ট এমো)
নন-গাইডেড বোমঃ এইবোৰ সাধাৰণ বোমা, যিবোৰ কোনো নিৰ্দেশনা অবিহনে লক্ষ্যস্থিৰ কৰি লয়। লক্ষ্যত খুন্দা মাৰিব বুলি কোনো নিশ্চয়তা নাই। যেনে এম কে ৮২, এম কে ৮৩।
ক্লাষ্টাৰ বোমা: এইবোৰত বহুতো সৰু সৰু বোমা থাকে, যিবোৰ একেলগে আক্ৰমণ কৰিলে বিয়পি পৰে আৰু বৃহৎ অঞ্চলৰ ক্ষতিসাধন কৰে। যেনে BLU-63/B
পাৰমাণৱিক বোমাঃ এই বোমাবোৰে বৃহৎ পৰিসৰত ধ্বংস কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱে কেইবা কিলোমিটাৰ এলেকাত প্ৰভাৱ পেলায়। বছৰ বছৰ ধৰি এটা অঞ্চল আক্ৰান্ত কৰি ৰাখে। যেনেকৈ হিৰোচিমা আৰু নাগাছাকিত নিক্ষেপ কৰা বোমা।
ফছফৰাছ বোমাঃ এইবোৰত জ্বলি থকা ফছফৰাছ ব্যৱহাৰ কৰা হয়, যাৰ ফলত জুই লাগে আৰু বিপুল ক্ষতি হয়। ইয়াৰ ক্ষতিও বছৰ বছৰ ধৰি দেখা যায়। M825A1 ৰ দৰে।
Mines: এই বোমাবোৰ মাটিত পুতি থোৱা হয় আৰু কোনোবাই খোজ কাঢ়িলে বিস্ফোৰণ ঘটে। এই বোমাবোৰ মাটিত পুতি থৈ ব্যৱহাৰ কৰা হয়। এণ্টি পাৰ্ছনেল মাইনৰ দৰে।