ইজৰাইলে যিধৰণে গাজাত আক্ৰমণ কৰি আহিছে, ইয়াৰ ফলত গাজাৰ ওপৰত গণহত্যাৰ অভিযোগ উত্থাপিত হৈছে। ২০২৩ চনৰ অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পিছত গাজাত প্ৰায় ৪৫,০০০ লোক নিহত হৈছে।
এতিয়া এমনেষ্টি ইণ্টাৰনেচনেলে এই বিষয়ে এটা বিবৃতি উলিয়াইছে। যিয়ে ইজৰাইলক ফিলিস্তিনিসকলৰ বিৰুদ্ধে গণহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
মানৱ অধিকাৰৰ বাবে কাম কৰা আন্তৰ্জাতিক সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলে ইজৰাইলৰ বিৰুদ্ধে হামাচৰ সৈতে যুদ্ধৰ সময়ত গাজা ষ্ট্ৰিপত গণহত্যা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, ইজৰাইলে এই অভিযোগসমূহ নাকচ কৰিছে।
এমনেষ্টি ইণ্টাৰনেচনেলে কয় যে ইজৰাইলে ভয়ংকৰ আক্ৰমণৰ দ্বাৰা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰিছে আৰু ইচ্ছাকৃত ভাৱে খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্যৰ যোগান বন্ধ কৰি ফিলিস্তিনিসকলক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে।
মানৱ অধিকাৰ গোটটোৱে বৃহস্পতিবাৰে পশ্চিম এছিয়াৰ প্ৰসংগৰ ওপৰত এটা প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে , “২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণ বা অসামৰিক অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ অজুহাতত এনে ধৰণৰ কাৰ্যকলাপন্থা ন্যায়সঙ্গত কৰিব নোৱাৰি”।
এমনেষ্টি ইণ্টাৰনেচনেলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিক ইজৰাইললৈ অস্ত্ৰ ৰপ্তানি বন্ধ কৰিবলৈ আহ্বান জনাইছে।
এমনেষ্টি ইণ্টাৰনেচনেলৰ চেক্ৰেটেৰী-জেনেৰেল এগনেছ কালামাৰ্ডে প্ৰতিবেদনখনত কয়, “আমাৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বাবে এক সতৰ্কবাণী। এয়া হৈছে গণহত্যা। এই গণহত্যা এতিয়া বন্ধ হ’ব লাগিব।”