ভাৰতীয় দলৰ তাৰকা অ’পেনাৰ শুভমন গীল বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । শেহতীয়াকৈ তেওঁ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীত শতক অৰ্জন কৰে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত প্ৰৱেশ কৰি দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে তেওঁ । ইংৰাজ দলৰ বিৰুদ্ধে তিনিওখন এদিনীয়া খেলতে ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে গীলে ।
প্ৰথমখন এদিনীয়া নাগপুৰত অনুষ্ঠিত হৈছিল, য’ত গিলে ৮৭ ৰান সংগ্ৰহ কৰে । ইয়াত তেওঁ শতক অৰ্জনৰ কাষ চাপিছিল যদিও শতক বঞ্চিত হবলগা হয় । ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়া কটকত অনুষ্ঠিত হৈছিল, য’ত গীলক বিস্ফোৰক ফৰ্মত দেখা যায় । এই মেচখনত তেওঁ ৬০ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল । এই দুয়োখন খেলতে ভাৰতীয় দলে জয়লাভ কৰে ।
Shubman Gill continues his fine form with a classy ton in Ahmedabad ✨#INDvENG 📝: https://t.co/XiJhARNt87 pic.twitter.com/04rX4FrtC8
— ICC (@ICC) February 12, 2025
৯৫ বলত শতক সম্পূৰ্ণ গীলৰ-
বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় আৰু শেষৰ খন এদিনীয়া মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে, য’ত গীলক পুনৰবাৰ প্ৰচণ্ড ফৰ্মত দেখা গৈছে । ছিৰিজৰ প্ৰথম দুখন মেচত গীল শতক বঞ্চিত হ’ল যদিও তৃতীয়খন এদিনীয়াত শতক অৰ্জন কৰে তেওঁ ।
আহমেদাবাদৰ এদিনীয়াত টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ আহিছিল ভাৰতীয় দলটোৱে । এনে পৰিস্থিতিত গীলৰ ওপৰত ভাল আৰম্ভণিৰ হেঁচা পৰিছিল । তেওঁ সেই দায়িত্ব পালন কৰি ৯৫টা বলত শতক সম্পূৰ্ণ কৰে । এই সময়ছোৱাত গীলে ২টা ছয় আৰু ১৪টা চাৰি কোবাই ।
এদিনীয়াত গীলৰ এয়া সপ্তমটো শতক । ইয়াৰ বাহিৰেও তেওঁ টেষ্ট ক্ৰিকেটত ৫টা শতক অৰ্জন কৰিছে । আনহাতে গীলে টি-২০ ইণ্টাৰনেশ্যনেলতো শতক অৰ্জন কৰিছে । এইদৰে এই ষ্টাৰ অ’পেনাৰগৰাকীয়ে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে ।
আজিৰ মেচত ১০২ টা বলত ১১২ ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে গীলে ।
ঐতিহাসিক অভিলেখ গঢ়িলে গীলে-
ভাৰতৰ হৈ ৫০ সংখ্যক এদিনীয়া মেচ (৫০সংখ্যক ইনিংছ) খেলাৰ সময়ত শুভমন গীলে সৃষ্টি কৰিছে আন এক ঐতিহাসিক অভিলেখ । ৫১ সংখ্যক এদিনীয়া ইনিংছত ২৫০০ ৰানৰ সীমা অতিক্ৰম কৰা দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাছিম আমলাৰ অভিলেখ ভংগ কৰিলে গীলে ।
এদিনীয়া মেচত ২৫০০ ৰান সম্পূৰ্ণ কৰিবলৈ অ’পেনাৰ গীলক ২৫ ৰানৰ প্ৰয়োজন হৈছিল আৰু ভাৰতীয় ইনিংছৰ দশম অভাৰৰ পঞ্চম বলত গাছ এটকিনছনৰ বলত চাৰিটা কোবাই এই লক্ষ্যত উপনীত হয় গীল ।