মেষ ৰাশি : – মেষ ৰাশিৰ জাতক- জাতিকা সকলে আজিৰ দিনটোত দুৰ্বলতা অক্ষমতা প্ৰকাশ নকৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব, ঠিকাদাৰী ব্যৱসায় লগত জড়িত ব্যক্তি সকলে লাভাৱান্বিত হ’ব পাৰিব। বেলেগৰ কথাত নোসোমাব অন্যথা মানহানী হ’ব পাৰে। আজি মাদকদ্ৰব্য সেৱন নকৰিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি:- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য বেয়া চিন্তা আহিব পাৰে। ইষ্ট দেৱতাক স্মৰণ কৰক। কোনো লোকে অপমান কৰিব পাৰে। সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।বাহনৰ পৰা সাৱধান হ’ব। শনি মন্দিৰ দৰ্শন কৰক।
মিথুন ৰাশি- হঠাৎ কাৰোবাৰ সৈতে সংঘাট হ’ব পাৰে। যান-বাহন ক্ৰয়ৰ সম্ভাৱনা আছে। ব্যায়াম কৰক ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ সময়ৰ সুব্যৱহাৰ কৰিব ৷আজি গুৰুপাকী খাদ্য নাখাব।
কৰ্কট ৰাশি-কৰ্মত আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি বন্ধুক লগ পাব। আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে। ঘৰলৈ আলহীৰ আগমন হ’ব। লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷
সিংহ ৰাশি- আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে। পাৰিবাৰিক সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।সাৱধানতা অৱলম্বন কৰক ৷ চাপ আৰু দুশ্চিন্তাত থাকিব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷
কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ পদ মৰ্যদা অটুট থাকিব। আজিৰ দিনটোত কৰ্মত সকলো দিশতে সুফল লাভ কৰিব।কোনো লোকে আপোনাৰ কামৰ বাবে অনুসৰণ কৰিব। কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি ছোৱালী সকলে সজাগ নহ’লে সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।পৰিয়ালৰ সৈতে ভ্ৰমণৰ হ’ব পাৰে।আজি ভাগ্য সুপ্ৰসন্ন হ’ব। পানীৰ পৰা সাৱধান হ’ব।
তুলা ৰাশি-তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মত আনৰ সহযোগীতা পাব। পাৰিবাৰিক মতানৈক্য হ’ব। আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।হঠাৎ কোনো শুভ সংবাদ লাভ কৰিব। চকুৰ সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।নেতিবাচক মনোভাৱ এৰাই চলক ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷
বৃশ্চিক ৰাশি- দিনটো মধ্যমীয়া৷ আত্মবিশ্বাসে সফলতা আনিব। দুৰ্যোগ আতৰিব। কৰ্মত জ্যেষ্ঠ জনৰ পৰা সন্মান লাভ কৰিব। জিৰণিৰ প্ৰয়োজন হ’ব। হাতলৈ ধন আহিব। সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ দিনটো পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সু-সংবাদ লাভ কৰিব পাৰে ৷ দিনটো ভালে যাব ৷ সাৱধানে থাকিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে। ধৈৰ্য নেহেৰুৱাব।
ধনু ৰাশি- ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজি কৰ্মত সফলতা পাব।পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। মানৱ দৰদী চিন্তা বাঢ়িব।ভ্ৰমণৰ কথা ভাবিছে যদি আজি পৰিহাৰ কৰক। বাহনৰ পৰা ক্ষতি হ’ব পাৰে। লগতে আজি আপোনাৰ কৰ্মত সামান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।গ্ৰহ আজি অনুকূলত নাই ৷ ব্যয় বৃদ্ধি ৷ হাঁহিৰে দিনটো কটাব ৷ ওচৰ –চুবুৰীয়াৰ পৰা সহায় লাভ কৰিব। মাটিবাৰীৰ কথাত নোসোমাব।
মকৰ ৰাশি- মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব। আনৰ প্ৰতি সন্মান বৃদ্ধি পাব। লোভ কমাওক অন্যথা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। দৰিদ্ৰ লোকক খাদ্য খোৱাব পাৰে। ব্যৱসায়ত উন্নতিৰ যোগ আছে। বিতৰ্কৰ পৰা আতৰি থাকক।
কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক -জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব। যি কোনো কামতে আত্মবিশ্বাসক সাৰথি কৰি লওক। আপোনাৰ সুনাম আনে নষ্ট কৰিব পাৰে। ৰাজনীতিবিদ সকলৰ বাবে দিনটো অতি ভাল হ’ব।সজাগ নহ’লে কৰ্মত হীনমান্য ভুগিব লগা লগিয়া হ’ব পাৰে।যিকোনো মহিলাক প্ৰশ্ৰয় নিদিব। আৱেগ কমাওক।পদোন্নতি হ’ব পাৰে ৷
মীন ৰাশি- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব। আত্মসন্তুষ্টি সুযোগ মিলিব। চাফা পাত্ৰত বগা বস্ত্ৰ চেনি দৈ দৰিদ্ৰক দান কৰিব। লগতে আজি খেতিয়ক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।দীৰ্ঘদিনৰ পৰা অশান্তি হৈ থকা ৰোগ কমিব।