মনোনয়ন দাখিলৰ ৪৮ ঘন্টা পূৰ্বলৈ নিশ্চিত হোৱা নাই বিৰোধীৰ প্ৰাৰ্থী । বিৰোধীৰ আন দলে দিয়া ডেডলাইন নামানিলে কংগ্ৰেছ দলে । বুধবাৰে পুৱা ১০ বজালৈ কংগ্ৰেছৰ উত্তৰ বিচাৰিছিল আন বিৰোধী দলে । কিন্তু এই পত্ৰৰ কোনো উত্তৰেই নিদিলে কংগ্ৰছে । ইয়াক লৈ ক্ষুণ্ণ হৈ পৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
অভিযোগ অনুসৰি বিৰোধী-আন দলসমূহে বাৰে বাৰে কংগ্ৰেছক অনুৰোধ কৰি আছে । কিন্তু কংগ্ৰেছ নেতৃত্বই বিৰোধী দলসমূহক গুৰুত্বই দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে ।
এই সন্দৰ্ভত অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়,’আমাৰো স্বাভিমান আছে । উপ-নিৰ্বাচন নহয়, ‘২৬হে আমাৰ লক্ষ্য । ইতিমধ্যেই বিৰোধীৰ বহু ক্ষতি হৈছেই । জনতাৰ মাজলৈ ভুল বাৰ্তা গৈছে । অহংকাৰ, টকা-পইচা, অৰিয়াঅৰিক লৈ বিৰোধীৰ মাজত খামখিয়ালি হৈছে ।
তেওঁ লগতে কয়,’বিৰোধীত এতিয়া নিৰাশাবাদী ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে । উপ-নিৰ্বাচনৰ পাছৰে কথা, ২৬তো ১ %, ২% ভোটে প্ৰভাৱ পেলায় । হাৰিয়ানা, মধ্যপ্ৰদেশ ইয়াৰ উদাহৰণ । আমাৰ ধৈৰ্য পৰীক্ষা কংগ্ৰেছে নল’ব । মানুহৰ স্বাৰ্থতেই আমি এতিয়ালৈ প্ৰাৰ্থী নিজাববীয়াকৈ ঘোষণা কৰা নাই । বিৰোধীয়ে কংগ্ৰেছৰ পৰা উত্তৰ বিচাৰি বিচাৰি ভাগৰিছে । কিন্তু এতিয়ালৈকে উত্তৰ অহা নাই ।‘
আনহাতে কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি চলাৰো অভিযোগ আনে লুৰীণজ্যোতি গগৈয়ে ।