চামগুৰিৰ ভাটিয়াখালীত নিশা সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰকিবুল হুছেইনক চামগুৰি সমষ্টিত প্ৰৱেশ নকৰিবলৈ হুংকাৰ মিঞা-বিজেপি সমৰ্থকৰ।
প্ৰায়বোৰ সভাতেই”আমাক চাচা মামাৰ ভোট নালাগে, মুছলমান মানেই চুৰ ডকাইত” আদি কথাৰে উপ নিৰ্বাচনৰ বৈতৰনি পাৰ হ’ব বিচৰা ৰকিবুল হুছেইন এতিয়া নিজেই পৰিল শ’লঠেকত। চামগুৰি উপ নিৰ্বাচনত বিশেষকৈ মিঞা এলেকাত পুত্ৰ তাঞ্জিল হুছেইনৰ জয়ৰ বাবে বিজেপিৰ বিৰুদ্ধে মূল বিষয় হিচাপে বাছি লোৱা বাক্য কেইটাৰ বাবেই বিপদত পৰিছে সাংসদ গৰাকী ।
যাৰ বাবে এতিয়া সংখ্যালঘু বিজেপি সমৰ্থক সকল ক্ষুব্ধ হৈ পৰিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। পুত্ৰ তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ সভাত ভাষণ প্ৰসংগত মিঞাক চোৰ-ডকাইত বুলি কোৱাৰ বাবে জাঙুৰ খাই উঠিছে মিঞা সকল।
অহা ১৩ নবেম্বৰত ৰকিবুল হুছেইনক ভোটৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ বিজেপি সমৰ্থকৰ। বিগত ২৫ টা বছৰ ৰকিবুল হুছেইনক মিঞা সকলে MLA মন্ত্ৰী বনাইছিলে তেতিয়ালৈকে মিঞা মানুহ ভাল আছিল এতিয়া মিঞা মানুহ চোৰ ডকাইত হ’ল এনে মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে বিজেপি সমৰ্থক সকলে।