বুধবাৰৰ পৰা আৰম্ভ হৈছে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ইতিমধ্যে উদ্বোধনী খেলত নিউজীলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰানত পৰাস্ত কৰিছে । ইয়াৰ পিছতে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেল আজি (২০ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’ব । এই দ্বিতীয়খন খেলত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দল বাংলাদেশৰ হ’ব ।
ভাৰত আৰু বাংলাদেশৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি বিয়লি ২.৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব । ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰি এক সুন্দৰ আৰম্ভণি কৰাৰ আশা কৰিছে অনুৰাগীয়ে ।
ডুবাইত এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই ভাৰতীয় দল-
বাংলাদেশ দলে এই খেলপথাৰত ভাৰতৰ প্ৰতি সতৰ্ক হ’ব লাগিব, কাৰণ ডুবাই ষ্টেডিয়ামত এদিনীয়া ফৰ্মেটত ভাৰতীয় দলৰ উৎকৃষ্ট অভিলেখ আছে । এই খেলপথাৰত এতিয়ালৈকে টিম ইণ্ডিয়াই এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই । বাংলাদেশৰ বাহিৰেও এই পৰিসংখ্যাই পাকিস্তানকে ধৰি আন দলৰ বাবেও মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে ।
এই ৫ টা দলে ভাৰতীয় দলক পৰাস্ত কৰিব পৰা নাছিল-
যদি আমি চেম্পিয়নছ ট্ৰফীৰ সামগ্ৰিক অভিলেখ চাওঁ তেন্তে ইয়াতো ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচ পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক হোৱা নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।
প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট হৈ আহিছে । চেম্পিয়নছ ট্ৰফীত এনেধৰণৰ ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং আৰু ৱাশ্বিংটন সুন্দৰ ।