মেষ ৰাশি– আজিৰ দিনটো আত্মবিশ্বাসেৰে ভৰি থাকিব। চাকৰি কৰা লোকসকলৰ বাবে এক লাভজনক দিন। কাম সম্পৰ্কীয় কিছুমান ভাল খবৰ পাব পাৰে। সঠিক পৰিকল্পনাৰ সৈতে কেৰিয়াৰত পৰিৱৰ্তন কৰিবলৈ সক্ষম হ’ব। আপোনাৰ আচৰণে সকলোকে প্ৰভাৱিত কৰিব।সামাজিক পৰ্যায়ৰ লোকসকলক সহায় কৰাৰ সুযোগ পাব পাৰে।পৰিয়ালক সময় দিয়ক।
বৃষ ৰাশি- নতুন আশাৰে দিনটো আৰম্ভ হ’ব। আত্মীয়সকলৰ পৰা আৰ্থিক সহায় লাভ কৰিব। কিন্তু লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হ’ব লাগিব। কেৰিয়াৰত আপোনাৰ পৰামৰ্শদাতাৰ সমৰ্থনও পাব। জীৱনত আগবাঢ়িব যাবলৈ নতুন পথৰ সন্ধান পাব। আত্মবিশ্বাসে আপোনাক সফলতা প্ৰদান কৰিব। স্বাস্থ্য বজাই ৰাখিবলৈ, ৰাতিপুৱা খোজ কাঢ়িব পাৰে। নেতিবাচক বস্তু পৰিহাৰ কৰা উচিত।
মিথুন ৰাশি- আজি ব্যৱসায়িক কামৰ বাবে ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। কামবোৰ ভালদৰে সম্পূৰ্ণ হ’ব। আজি কিছু আমোদৰ মেজাজত থাকিব। দৈনন্দিন জীৱনত কিছু নতুনত্ব থাকিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষকসকলৰ পৰা প্ৰশংসা পাব। দৰিদ্ৰ লোকসকলক খাদ্য দি’ব পাৰে।কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণ অলপ বেলেগ হ’ব ৷ প্ৰতিযোগীসকলে অধিক সক্ৰিয় হৈ উঠিব আৰু সমস্যাৰ সৃষ্টি কৰিব ৷
কৰ্কট ৰাশি-আজিৰ দিনটো ব্যস্ততাৰে ভৰি থাকিব। মানসিক চিন্তা উন্নত হ’ব। জ্ঞান অৰ্জনৰ সুযোগ পাব। মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।ভাতৃ-ভগ্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে আজি যিকোনো লোকৰ বিৰোধিতা কৰিব লক্ষ্য প্ৰাপ্ত কৰিবলৈ, কঠোৰ পৰিশ্ৰম কৰাৰ সংকল্প লওক। মধুমেহ ৰোগত ভুগিব পাৰে।চাকৰি প্ৰত্যাশী লোক সকলৰ বাবে ভাল খবৰ আহিব।
সিংহ ৰাশি- দিনটো প্ৰাণৱন্ত আৰু উদ্যমী অনুভৱ কৰি থাকিব ৷ নতুন প্ৰকল্প বা কাম হাতত ল’ব পাৰে ৷স্বাস্থ্যৰ যত্ন ল’ব।বতৰৰ পৰিৱৰ্তনৰ ফলত কিছুমান সমস্যা হ’ব পাৰে। নিজৰ ওপৰত সংযম ৰাখিব, অযথা বিবাদলৈ নাযাব।নতুন নিযুক্তিৰ সুযোগ পাব। ভাল খবৰ আহিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মী, সহযোগীসকলে সহায় কৰিব ৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে ৷ নতুন কাম হাতত ল’লে সফল হ’ব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷
কন্যা ৰাশি- পৰিয়াললৈ নতুন সুখ কঢ়িয়াই আনিছে। অজ্ঞাত ব্যক্তিৰ সৈতে অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰিব। ধৈৰ্য্য ধৰি থাকিলে স্থগিত হৈ থকা পৰিকল্পনাবোৰ সফল হ’ব। খনিজ সামগ্ৰীৰ ব্যৱসায়ীসকলে ভাল লাভ কৰিব। হতাশাৰ সমস্যাৰ পৰা সকাহ পাব।ঘৰ বনোৱাৰ কথা ভাবিছে যদি অতি ভাল দিন আহি আছে।
তুলা ৰাশি- জীৱনত কোনো পৰিৱৰ্তন হ’ব পাৰে। কৰ্মত বলিষ্ঠ পদক্ষেপ লওক। যিকোনো কামত আনক ভৰসা নকৰিব।পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি সকলো কাম সহজে সম্পূৰ্ণ হ’ব।আপোনজনৰ সৈতে তৰ্কত লিপ্ত হ’ব পাৰে। ভগ্নীৰ স্বাস্থ্যই চিন্তাত পেলাব। দা-কটাৰীৰ পৰা সাৱধানে থাকিব। সন্তানক জীৱ-জন্তুৰ পৰা আঁতৰত ৰাখিব।
বৃশ্চিক ৰাশি- কামত দুগুণ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।যুৱতীসকলৰ সৈতে বিতৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা আছে, সাৱধানে থাকিব। আপোনাক প্ৰয়োজন নোহোৱা ঠাইত জড়িত হোৱা পৰিহাৰ কৰিব। যদি পিতৃ-মাতৃ বা আন কোনো ব্যক্তিৰ স্বাস্থ্য ভাল নহয়, তেন্তে ঘৰৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। উচ্চ ৰক্তচাপৰ বাবে, স্বাস্থ্য আজি অলপ ভাল হ’ব পাৰে।ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰিব ৷কামৰ ক্ষেত্ৰত স্বীকৃতি লাভ কৰিব।
ধনু ৰাশি- যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে শান্তি মনেৰে ল’ব। সম্পদ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। স্বাস্থ্যত কিছুমান উত্থান-পতন থাকিব। ভজা বস্তু খোৱা পৰিহাৰ কৰা উচিত। কিছুমান বিশেষ কামত আজি বাধাপ্ৰাপ্ত হ’ব পাৰে, কিন্তু কামটো সন্ধিয়ালৈ সম্পূৰ্ণ হ’ব। ব্যায়াম কৰিব পাৰে। এলাহ ভাব পৰিহাৰ কৰক, অন্যথা হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে।
মকৰ ৰাশি-পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। শিক্ষাৰ্থীসকলে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ শিক্ষকসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। প্ৰেমত বাধাৰ সন্মুখিন হ’ব। যান-বাহনৰ পৰা দিনটো সাৱধানে থাকিব। কৰ্মক্ষেত্ৰত শত্ৰুতা বৃদ্ধি পাব। পিতৃ-মাতৃৰ পৰা মাটি-বাৰী সম্পৰ্কীয় কামত সমৰ্থন পাব। হাতলৈ ধন আহিব পাৰে।
কুম্ভ ৰাশি- আপোনাৰ বাবে দিনটো সুন্দৰ হ’ব। সম্পত্তি সম্পৰ্কীয় সমস্যাৰ বাবে জ্যেষ্ঠজনৰ লগত কথা পাতিব পাৰে। আত্মীয়সকলৰ সৈতে ভাল সম্পৰ্ক থাকিব।বিপদত পৰা জনক সহায় কৰাৰ সুযোগ পাব। নতুন কাম হাতত ল’ব পাৰে বা নতুন কোনো উদ্যোগ ল’ব পাৰে ৷ মন্দিৰ দৰ্শনত গ’লে মন প্ৰফুল্ল হ’ব ৷ দীঘলীয়া যাত্ৰাৰ ইংগিত স্পষ্ট ৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷আত্ম অহংকাৰ বৃদ্ধি পাব। যিয়ে আপোনাৰ ক্ষতি কৰিব।
মীন ৰাশি- ইতিবাচকতা চিন্তা কৰিব, যিয়ে আপোনাৰ মন কামত নিয়োজিত হ’ব। অনলাইন ব্যৱসায় কৰা মহিলাসকলৰ উপাৰ্জন বৃদ্ধি পাব। আজি ভাগ্য উদয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।আজিৰ দিনটো ব্যৱসায়ৰ গতিবৃদ্ধি কৰাৰ দিন হিচাপে প্ৰমাণিত হ’ব পাৰে। আপুনি আজি যিকোনো পুৰণি বিনিয়োগৰ পৰা লাভান্বিত হ’ব।স্বাস্থ্যৰ প্ৰতি যত্ন লওক।