মেষ ৰাশি- আপুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। দুপৰীয়াৰ পিছত কোনোবা পূৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে।
বৃষ ৰাশি- জীৱনত উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি তাত দুখী হৈ থাকিলে কোনো এটা কাম আপোনাৰ সিদ্ধ নহ’ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ’ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব।
মিথুন ৰাশি-শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ’ব। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে।
কৰ্কট ৰাশি-আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ’ব। আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব ।আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব।যদিহে কৰ্ম জীৱনত উন্নতি কৰিবৰ মন আছে তেন্তে কদাপিও আইনী কাম কাৰ্যত মিছা সাক্ষী নিদিব।
সিংহ ৰাশি- উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে ।সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব।
কন্যা ৰাশি-সহকৰ্মী আৰু জ্যোষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব।আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে।যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে।পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব।দুৰ্গা সপ্তশতি পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হব
তুলা ৰাশি-কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে।কেৰিয়াৰ ত উন্নতি কৰিবৰ বাবে নতুন ক্ষমতা বিকশিত কৰা আৰু নতুন শৈলী শিকা গুৰুত্বপূৰ্ণ হ’ব।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাওক।
বৃশ্চিক ৰাশি-বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল’ব।গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।
ধনু ৰাশি-যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। প্ৰেমিকৰ পৰা উপহাৰ পাব । কৰ্মক্ষেত্ৰত বাধা অহাৰ সম্ভাৱনা বহুত । স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে।সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক।
মকৰ ৰাশি-এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়।আজি আপোনাৰ জীৱনলগৰীয়ে আপোনাৰ বাবে এক দেৱ দূতৰ দৰে কাম কৰিব । ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে।এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে।
কুম্ভ ৰাশি-কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক । যিকোনো কথাত খং নকৰিব । কৰ্ম জীৱনত ধনাত্মক চিন্তা ধাৰাৰ বৃদ্ধি পাব ।অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে।ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।
মীন ৰাশি- মাদক দ্ৰব্যৰ পৰা দূৰত থাকক,কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব।সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব।নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ’লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে।