১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত আজিৰ দিনটোতে স্বাধীন ভাৰত চৰকাৰে প্ৰথম ডাক টিকট জাৰি কৰিছিল । আজিৰ প্ৰজন্মই বুজিব নোৱাৰিব কিন্তু সেই সময়ত ইয়াৰ দাম চাৰে তিনি অনা নিৰ্ধাৰণ কৰা হৈছিল । ‘জয় হিন্দ’ নামত জাৰি কৰা এই ডাক টিকটটোত মাজত উৰি থকা ত্ৰিৰংগৰ ছবি আছিল । আনহাতে বাওঁফালে ইয়াৰ দাম অৰ্থাৎ চাৰে তিনি অনা ইংৰাজীত লিখা আছিল । ত্ৰিৰংগৰ ঠিক তলত ‘ভাৰত’ লিখা হৈছিল আৰু ত্ৰিৰংগৰ কাষত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখ লিখা হৈছিল ।
এই ডাক টিকটটো আছিল মাথোঁ নীলা ৰঙৰ কাগজৰ এটা সৰু টুকুৰা, কিন্তু বাস্তৱত ই আছিল ইতিহাসৰ পৃষ্ঠাত স্বাধীন ভাৰতৰ প্ৰথম স্বাক্ষৰ, যিয়ে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ স্বাধীনতাৰ বিজয় ঘোষণা কৰি আছিল ।