আই পি এল ২০২৫ৰ মেগা নিলামৰ পিছত বহু দলে নিজৰ বেটিং লাইনআপ শক্তিশালী কৰিছে । এইবাৰ টি-২০ ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত বেটছমেনৰ আধিপত্য বাঢ়িবলৈ গৈ আছে আৰু কোনটো দলে আটাইতকৈ শক্তিশালী বেটিং আক্ৰমণেৰে খেলপথাৰত নামিব সেয়া চাবলৈ অনুৰাগী আগ্ৰহেৰে অপেক্ষা কৰি আছে । প্ৰতি বছৰে বেটছমেনে আই পি এলত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু ২৫০ ৰানৰ দলীয় স্কৰ এতিয়া সাধাৰণ হৈ পৰিছে । কেৱল এয়াই নহয়, আই পি এলত বেটছমেনৰ বাবেও শতক আৰু অৰ্ধশতক সাধাৰণ হৈ পৰিছে । এনে পৰিস্থিতিত আই পি এল ২০২৫ত কোন তিনিটা দলৰ বেটিং আক্রমণ আটাইতকৈ শক্তিশালী হৈছে জানক ৷
কলকাতা নাইট ৰাইডাৰ্ছ-
কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং লাইনআপ শক্তিশালী । ভেংকটেশ আয়াৰ, ৰহমুল্লাহ গুৰবাজ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, কুইণ্টন ডি কক, অজিংক্য ৰাহানে আৰু অংকৃশ ৰঘুবংশীৰ দৰে বেটছমেনেৰে সজ্জিত দলটোৱে যিকোনো বলাৰৰ সন্মুখত কঠিন প্ৰত্যাহ্বান থিয় কৰিব পাৰে । কুইণ্টন ডি ককৰ আগ্ৰাসী বেটিং শৈলী, ৰিংকু সিং আৰু আন্দ্ৰে ৰাছেলৰ উৎকৃষ্ট বেটিঙে মধ্য ক্ৰমত কলকাতাক শক্তি প্ৰদান কৰে । এই দলটোৱে এই ছিজনত যিকোনো বিৰোধী দলৰ বলাৰক প্ৰত্যাহ্বান জনাব পাৰে ।
দিল্লী কেপিটেলছ-
দিল্লী কেপিটেলছে নিজৰ দলত বহু মহান বেটছমেনক অন্তৰ্ভুক্ত কৰিছে, য’ত জেক ফ্ৰেজাৰ-মেকগাৰ্ক, কে এল ৰাহুল, ফাফ ডু প্লেছিছ, ট্ৰিষ্টান ষ্টাবছ আৰু হেৰী ব্ৰুক আদি অন্তৰ্ভুক্ত হৈছে । ইয়াৰ উপৰিও অক্ষৰ পেটেলৰ অভিজ্ঞতাই মধ্য ক্ৰমত দলটোক শক্তিশালী কৰি তুলিব । এইবাৰ বেটিঙত শক্তিশালী দল হিচাপে সাজু হৈছে দিল্লী দল, যিয়ে বিপক্ষৰ বলাৰসকলৰ বাবে এক কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ-
শক্তিশালী বেটিং লাইনআপ লৈ এইবাৰ খেলপথাৰত প্ৰৱেশ কৰিব ছানৰাইজাৰ্ছ হায়দৰাবাদে । হেনৰিখ ক্লাচেন, ঈশান কিষন, ট্ৰেভিছ হেড, অভিষেক শৰ্মা আৰু নীতিশ ৰেড্ডীৰ দৰে খেলুৱৈ দলটোত আছে, যিসকলৰ যিকোনো বলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষমতা আছে । যোৱা ছিজনত বলাৰসকলৰ মূৰৰ বিষ হৈ পৰা এই কেইগৰাকী বেটছমেনৰ পৰা এইবাৰো অধিক আশা কৰিছে দল তথা অনুৰাগীয়ে । হায়দৰাবাদৰ উৎকৃষ্ট বেটিং সংমিশ্ৰণ আছে, যি মেচৰ গতিপথ সলনি কৰিবলৈ সক্ষম ।