ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ বাবে দুদিনীয়া মেগা নিলাম ২৪ আৰু ২৫ নৱেম্বৰত ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হয় । এই সময়ছোৱাত ১০ টা দলে ৬৩৯.১৫ কোটি টকা ব্যয় কৰি মুঠ ১৮২ গৰাকী খেলুৱৈ ক্ৰয় কৰে । এইবাৰ নিলামত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয় ।
এই মেগা নিলামত বহু খেলুৱৈয়ে আচৰিত কৰিছে, আনহাতে কিছুমানে ইতিহাসৰ সৃষ্টি কৰিছে যি হয়তো কেতিয়াও কোনোৱে ভংগ কৰিব নোৱাৰে । ইতিহাস ৰচনা কৰা তাৰকা উইকেটকীপাৰ ঋষভ পন্টৰ নামো এই তালিকাত আছে । আই পি এলৰ মেগা নিলামৰ বিষয়ে ৫টা ডাঙৰ কথা জানো আহক…
আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ঋষভ পন্ট-
মেগা নিলামৰ প্ৰথম দিনটোত সকলোৰে দৃষ্টি তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্টৰ ওপৰত আছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে তেওঁক ২৭ কোটি টকাত বিপুল বিডেৰে ক্ৰয় কৰে । ইয়াৰ পিছতে এতিয়া আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট ।
পণ্ট যোৱা ছিজনত দিল্লী কেপিটেলছৰ অধিনায়ক আছিল । দিল্লীৰ দলে তেওঁক ৰিটেইন কৰা নাছিল । এনে পৰিস্থিতিত ২০১৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে নিলামত প্ৰৱেশ কৰে পণ্টে । যেতিয়া ঋষভ পন্টৰ বিড ২০.৭৫ কোটি টকা হয়, তেতিয়া দিল্লী কেপিটেলছে আৰ টি এম কাৰ্ড ব্যৱহাৰ কৰে । অৱশ্যে লক্ষ্ণৌৱে এই নিবিদা ২৭ কোটি টকালৈ বৃদ্ধি কৰে । দিল্লীয়ে পুনৰ পন্টৰ বাবে RTM কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল । ফলত লক্ষ্ণৌৱে পন্টক ক্ৰয় কৰিবলৈ সক্ষম হয় ।
শ্ৰেয়াস আৰু ভেংকটেশেও আচৰিত কৰিলে সকলোকে-
এইবাৰ মেগা নিলামত সকলোকে আচৰিত কৰি তোলা খেলুৱৈ দুগৰাকী হৈছে শ্ৰেয়াছ আয়াৰ আৰু ভেংকটেশ আয়াৰ । প্ৰথম দিনাই তৃতীয়টো বিড তাৰকা বেটছমেন শ্ৰেয়াছ আয়াৰৰ ওপৰত দিয়া হয় আৰু তেওঁ আলোড়নৰ সৃষ্টি কৰে । দিল্লী কেপিটেলছ, পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছে তেওঁৰ বাবে যথেষ্ট দৰদাম কৰিছিল ।
অৱশেষত পঞ্জাৱ দলটোৱে ২৬.৭৫ কোটি টকাৰ নিবিদা দি ক্ৰয় কৰে শ্ৰেয়াছক । এইদৰে শ্ৰেয়াছ আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় । কিন্তু পৰৱৰ্তী ২০ মিনিটৰ ভিতৰতে ঋষভ পন্টে এই অভিলেখ ভংগ কৰে ।
ইয়াৰ বাহিৰেও দ্বিতীয় নামটো আছিল ভেংকটেশ আয়াৰৰ, যিয়ে সকলোকে আচৰিত কৰি তুলিছে । তাৰকা অ’পেনাৰ তথা অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰে আলোড়নৰ সৃষ্টি কৰে । বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ক্ৰয় কৰিবলৈ সৰ্বশক্তি ব্যৱহাৰ কৰিছিল । কে কে আৰে ২৩.৭৫ কোটি টকাৰ বিডেৰে ভেংকটেশক ক্ৰয় কৰে ।
চাহাল আৰু অৰ্শদীপেও সৃষ্টি কৰে ইতিহাস-
এই মেগা নিলামত ইতিহাস ৰচনা কৰিছে বেগী বলাৰ অৰ্শদীপ সিং আৰু তাৰকা স্পীনাৰ যুজবেন্দ্ৰ চাহালে । এইবাৰ নিলামত প্ৰথম বিড আছিল অৰ্শদীপৰ ওপৰত । ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি ১৮ কোটি টকাত তেওঁক ক্ৰয় কৰে পঞ্জাব কিংছে । এইদৰে অৰ্শদ্বীপ আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ভাৰতীয় বেগী বলাৰ হৈ পৰিছে ।
কিছু সময়ৰ পাছত চাহালো ১৮ কোটি টকাত বিক্ৰী হয় । পাঞ্জাব কিংছে ১৮ কোটি টকাত ক্ৰয় কৰে চাহালক । এইদৰে চাহাল আই পি এলৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল ভাৰতীয় স্পীনাৰ হিচাপে পৰিগণিত হয় । যোৱা ছিজনত চাহাল ৰাজস্থান ৰয়েলছত আছিল, যত ৬.৫০ কোটি টকা লাভ কৰিছিল ।
এই ১৩ বছৰীয়া ক্ৰিকেটাৰজন হৈ পৰিল কোটিপতি-
১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীয়েও মেগা নিলামত ধুমুহাৰ সৃষ্টি কৰিছিল । নিলামত তেওঁ কোটিপতি হৈ পৰিছে । এইবাৰ আই পি এলৰ মেগা নিলামত প্ৰৱেশ কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ আছিল বৈভৱ । তেওঁৰ ভিত্তি মূল্য আছিল ৩০ লাখ টকা । কিন্তু তেওঁক ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰে । ২০১১ চনৰ ২৭ মাৰ্চত সমস্তীপুৰ জিলাৰ মতিপুৰত বৈভৱৰ জন্ম হৈছিল । তেওঁৰ বৰ্তমান বয়স ১৩ বছৰ আৰু ২৪৩ দিন (২৫ নৱেম্বৰ ২০২৪)। বৈভৱে বিহাৰৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে । চলিত বৰ্ষৰ জানুৱাৰী মাহত মুম্বাইৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায় ।
ৱাৰ্নাৰ-শ্বাৰ্দুলকে ধৰি বিক্ৰী নহ’ল বহু প্ৰবীণ খেলুৱৈ-
এইবাৰ এনে বহু প্ৰবীণ তথা অভিজ্ঞ খেলুৱৈ মেগা নিলামত বিক্ৰী নোহোৱাকৈয়ে আছে, যিটো অনুৰাগী আৰু তেওঁলোকেও আশা কৰা নাছিল । ২০১৬ চনৰ ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদক চেম্পিয়ন কৰি তোলা অধিনায়ক ডেভিদ ৱাৰ্নাৰক এইবাৰ কোনেও ক্ৰয় কৰা নাছিল । তেওঁৰ বাহিৰেও জনী বেইৰষ্টো, কেন উইলিয়ামছন, পীয়ুষ চাওলা, মায়ংক আগৰৱাল, পৃথ্বী শ্ব’, শ্বাৰ্দুল ঠাকুৰ, ডেৰিল মিচেল, শ্বহী হোপ, মুজীব উৰ ৰহমান, অকিল হুছেইন, আদিল ৰছিদ আৰু কেশৱ মহাৰাজক ক্ৰয় নকৰিলে কোনোৱে ।