ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ বাবে দুদিনীয়া মেগা নিলাম ২৪ আৰু ২৫ নৱেম্বৰত ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হয় । এই সময়ছোৱাত ১০ টা দলে ৬৩৯.১৫ কোটি টকা ব্যয় কৰি মুঠ ১৮২ গৰাকী খেলুৱৈ ক্ৰয় কৰে । নিলামৰ প্ৰথম দিনাই ৩ জন খেলুৱৈৰ ওপৰত ইমান টকাৰ বৰষুণ হৈছিল যে আই পি এলৰ ইতিহাসৰ সকলো অভিলেখ ভংগ হয় ।
এই তিনিগৰাকী খেলুৱৈ হৈছে উইকেটকীপাৰ ঋষভ পন্ট, মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটি টকাৰ বিডেৰে পণ্টক ক্ৰয় কৰে । এইদৰে পণ্ট আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
এইবাৰ ৫ টা দলে অধিনায়ক বিচাৰি আছে । এই দলসমূহ হ’ল দিল্লী কেপিটেলছ, পঞ্জাব কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । সকলোৱে নিজৰ নিজৰ স্কোয়াড সম্পূৰ্ণ কৰিছে । সকলো দলেই অধিনায়ক সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰিব পাৰে ।
নিলামৰ পিছত ১০টা দলকেই অতি শক্তিশালী দেখা গৈছে । কোন দুৰ্বল হ’ব আৰু কোন শক্তিশালী হ’ব সেইটো বিশ্লেষণ কৰাটো অতি কঠিন । ইয়াৰ কাৰণ হ’ল সকলো দলে ঘৰুৱা আৰু বাহিৰত খেল খেলিব লগা হয় । এনে পৰিস্থিতিত কিছুমান দল ঘৰতে শক্তিশালী হ’ব, আনহাতে কিছুমানে আনৰ মাটিত গৈ বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে । খেলপথাৰ আৰু পিটচৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো দলে যিকোনো সময়তে অঘটন ঘটাব পাৰে । এইবাৰ আই পি এলৰ ১০ টা ফ্ৰেঞ্চাইজিৰ সম্পূর্ণ স্কোৱাড জানো আহক…
গুজৰাট টাইটানছ-
ৰিটেইনড- শুভমন গীল (১৬.৫ কোটি), ৰছিদ খান (১৮ কোটি), সাই সুদৰ্শন (৮.৫ কোটি), শ্বাহৰুখ খান (৪ কোটি) আৰু ৰাহুল তেৱাটিয়া (৪ কোটি)।
ক্ৰয় কৰে- কাছিগ’ ৰাবাদা, জছ বাটলাৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, নিশান্ত সিন্ধু, মহিপাল লেমৰ’ৰ, কুমাৰ কুশাগ্ৰা, অনুজ ৰাৱত, মানৱ সুথাৰ, ৱাশ্বিংটন সুন্দৰ, গেৰাল্ড কোটজী, আৰছাদ খান, গুৰনূৰ ব্ৰাৰ, শ্বাৰফানে ৰাদাৰফোৰ্ড, ছাই কিশোৰ, ঈশান্ত শৰ্মা, জয়ন্ত যাদৱ, গ্লেন ফিলিপছ, কৰিম জনত, কুলৱন্ত খেজৰোলিয়া ।
মুম্বাই ইণ্ডিয়ানছ-
ৰিটেইনড- হাৰ্দিক পাণ্ডিয়া (১৬.৩৫ কোটি), সূৰ্যকুমাৰ যাদৱ (১৬.৩৫ কোটি), ৰোহিত শৰ্মা (১৬.৩০ কোটি), যশপ্ৰীত বুমৰাহ (১৮ কোটি) আৰু তিলক বাৰ্মা (৮ কোটি) ।
ক্ৰয় কৰে- ট্ৰেণ্ট ব’ল্ট, নমন ধীৰ, ৰবিন মিঞ্জে, কৰণ শৰ্মা, ৰিয়ান ৰিকেলটন, দীপক চাহাৰ, আল্লাহ গাজানফৰ, উইল জেক, অশ্বিনী কুমাৰ, মিচেল ছেণ্টনাৰ, ৰিচ টপলি, কৃষ্ণন শ্ৰীজিত, ৰাজ অংগদ বাৱা, সত্যনাৰায়ণ ৰাজু, বেভন জেকবছ, অৰ্জুন টেণ্ডুলকাৰ , লিজাদ উইলিয়ামছ, ভিগনেশ পুথুৰ ।
চেন্নাই চুপাৰ কিংছ-
ৰিটেইনড- ঋতুৰাজ গাইকোৱাদ (১৮ কোটি), মথিছা পাথিৰানা (১৩ কোটি), শিৱম ডুবে (১২ কোটি), ৰবীন্দ্ৰ জাডেজা (১৮ কোটি) আৰু মহেন্দ্ৰ সিং ধোনী (৪ কোটি)।
ক্ৰয় কৰে- ডেভন কনৱে, ৰাহুল ত্ৰিপাঠী, ৰাচিন ৰবীন্দ্ৰ, আৰ. অশ্বিন, খলিল আহমেদ, নূৰ আহমেদ, বিজয় শংকৰ, ছেম কাৰাণ, শ্বেখ ৰছিদ, অংশুল কম্বোজ, মুকেশ চৌধাৰী, দীপক হুদা, গুৰজাপানীত সিং, নাথান এলিছ, জেমী অভাৰটন, কমলেশ নগৰকোটি, ৰামকৃষ্ণ ঘোষ, শ্ৰেয়াস গোপাল, বংশ বেদী, আন্দ্ৰে সিদ্ধাৰ্থ ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ-
ৰিটেইনড- পেট কামিন্স (১৮ কোটি), হেননৰিখ ক্লাচেন (২৩ কোটি), অভিষেক শৰ্মা (১৪ কোটি), ট্ৰেভিছ হেড (১৪ কোটি) আৰু নীতিশ কুমাৰ ৰেড্ডী (৬ কোটি) ।
ক্ৰয় কৰে- মহম্মদ ছামী, হৰ্শাল পেটেল, ঈশান কিষণ, ৰাহুল চাহাৰ, আদম জাম্পা, অথৰ্ব টায়ডে, অভিনৱ মনোহৰ, ছিমৰজীত সিং, জীশন আনছাৰী, জয়দেৱ উনাদকাট, ব্ৰেডন কাৰ্ছে, কামিন্দু মেণ্ডিছ, অনিকেত বাৰ্মা, ঈশান মালিংগা, শচীন বেবী ।
ৰাজস্থান ৰয়েলছ-
ৰিটেইনড- সঞ্জু চেমছন (১৮ কোটি), যশস্বী জয়ছৱাল (১৮ কোটি), ৰিয়ান পৰাগ (১৪ কোটি), ধ্ৰুৱ জুৰেল (১৪ কোটি), শ্বিমৰন হেটমায়াৰ (১১ কোটি) আৰু সন্দীপ শৰ্মা (৪ কোটি) ।
ক্ৰয় কৰে- জোফ্ৰা আৰ্চাৰ, মহিষ তিক্ষিনা, ৱানন্দু হাছাৰংগা, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, নীতিশ ৰানা, তুষাৰ দেশপাণ্ডে, শুভম ডুবে, যুধবীৰ সিং, ফজলহাক ফাৰুকী, বৈভৱ সূৰ্যবংশী, কুৱেনা মাফাকা, কুনাল ৰাথোড়, অশোক শৰ্মা ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ-
ৰিটেইনড- নিকোলাছ পুৰাণ (২১ কোটি), মায়ংক যাদৱ (১১ কোটি), ৰবি বিষ্ণোই (১১ কোটি), আয়ুষ বদোনী (৪ কোটি) আৰু মহছিন খান (৪ কোটি) ।
ক্ৰয় কৰে- ঋষভ পন্ট, ডেভিদ মিলাৰ, এইডেন মাৰ্কৰাম, মিচেল মাৰ্ছ, আৱেশ খান, আব্দুল ছামাদ, আৰিয়ান জুৱাল, আকাশ দীপ, হিম্মত সিং, এম সিদ্ধাৰ্থ, দিগবেশ সিং, শ্বাহবাজ আহমেদ, আকাশ সিং, শমাৰ জোচেফ, ৰাজকুমাৰ যাদৱ, যুৱৰাজ চৌধাৰী , ৰাজবৰ্ধন হাংগেকাৰ, আৰ্শিন কুলকাৰ্ণী, মেথিউ ব্ৰেইট্জকে ।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু-
ৰিটেইনড- বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়াল (৫ কোটি)।
ক্ৰয় কৰে- লিয়াম লিভিংষ্টন, ফিল ছল্ট, জিতেশ শৰ্মা, জছ হেজলউড, ৰশিখ দাৰ, সূয়াশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, স্বপ্নিল সিং, টিম ডেভিদ, ৰোমাৰিঅ’ শ্বেফাৰ্ড, নূৱন থুছাৰা, মনোজ ভাণ্ডেজ, জেকব বেথেল, দেৱদত্ত পদিকাল, স্বস্তিক চিকাৰা, লুংগী ঙিদি, অভিনন্দন সিং, মোহিত ৰাথী ।
দিল্লী কেপিটেলছ-
ৰিটেইনড- অক্ষৰ পেটেল (১৬.৫০ কোটি), কুলদীপ যাদৱ (১৩.২৫ কোটি), ত্ৰিষ্টান ষ্টাবছ (১০ কোটি) আৰু অভিষেক পোৰেল (৪ কোটি) ।
ক্ৰয় কৰে- মিচেল ষ্টাৰক, কে এল ৰাহুল, হেৰী ব্ৰুক, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, টি নটৰাজন, কৰুণ নাইৰ, সমীৰ ৰিজভি, আশুতোষ শৰ্মা, মোহিত শৰ্মা, ফাফ ডু প্লেছিছ, মুকেশ কুমাৰ, দৰ্শন নলকাণ্ডে, বিপ্ৰজ নিগম, দুছমন্ত চমীৰা, ড’নভান ফেৰেইৰা , অজয় মণ্ডল, মনৱন্ত কুমাৰ, ত্ৰিপুৰানা বিজয়, মাধৱ তিৱাৰী ।
কলকাতা নাইট ৰাইডাৰ্ছ-
ৰিটেইনড- সুনীল নাৰিন (১২ কোটি), ৰিংকু সিং (১৩ কোটি), আন্দ্ৰে ৰাছেল (১২ কোটি), বৰুণ চক্ৰৱৰ্তী (১২ কোটি), হৰ্ষিত ৰানা (৪ কোটি) আৰু ৰমনদীপ সিং (৪ কোটি) ।
ক্ৰয় কৰে- ভেংকটেশ আয়াৰ, কুইণ্টন ডি কক, ৰহমানুল্লাহ গুৰবাজ, এনৰিকে নৰ্চিয়া, অংকৃশ ৰঘুবংশী, বৈভৱ অৰোৰা, মায়ংক মাৰ্কাণ্ডে, ৰভমান পাৱেল, মনীষ পাণ্ডে, স্পেন্সৰ জনছন, লৱনীত চিছ’দিয়া, অজিংক্য ৰাহানে, অনুকুল ৰয়, মইন আলী, উমৰান মালিক ।
পঞ্জাৱ কিংছ-
ৰিটেইনড- শশাংক সিং (৫.৫ কোটি) আৰু প্ৰভচিমৰণ সিং (৪ কোটি) ।
ক্ৰয় কৰে – অৰ্শদীপ সিং, শ্ৰেয়াছ আয়াৰ, যুজবেন্দ্ৰ চাহাল, মাৰ্কাছ ষ্টইনিছ, গ্লেন মেক্সৱেল, নেহাল ৱাধেৰা, হৰপ্ৰীত ব্ৰাৰ, বিষ্ণু বিনোদ, বিজয়কুমাৰ বৈশাক, যশ ঠাকুৰ, মাৰ্কো জানচেন, জছ ইংগলিছ, লকি ফাৰ্গুচন, আজমতুল্লাহ ওমৰজাই, হৰনুৰ সিং, কুলদীপ সেন, প্ৰিয়ঞ্চ আৰ্য, এৰন হাৰ্ডি, মুছিৰ খান, সুৰিয়ানশ শ্বেজ, জেভিয়েৰ বাৰ্টলেট, আনাশী, প্ৰবেভি ।
উল্লেখ্য যে, এতিয়া শ্ৰেয়াছ আয়াৰে আই পি এল ২০২৫ত পঞ্জাৱ কিংছৰ অধিনায়কত্ব কৰাৰ সম্ভাৱনা আছে, আনহাতে ঋষভ পণ্টে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে । ১৮ কোটি টকাত পাঞ্জাব কিংছে ক্ৰয় কৰা এই নিলামত লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহালেও আধিপত্য বিস্তাৰ কৰে । আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰাক্তন অধিনায়ক, অধিনায়ক কে এল ৰাহুলে এতিয়া দিল্লী কেপিটেলছৰ হৈ খেলিব, যাৰ বাবে ১৪ কোটি টকাৰ বিড লাভ কৰিছে ।