ভাৰতীয় লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহালক ১৮ কোটি টকাত ক্ৰয় কৰিছে পঞ্জাব কিংছে । ইয়াৰ লগে লগে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ভাৰতীয় স্পীনাৰ হিচাপে পৰিগণিত হৈছে । ছানৰাইজাৰ্ছ হায়দৰাবাদেও চাহলক ক্ৰয়ৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাইছিল যদিও শেষত পঞ্জাব জয়ী হয় ।
যুজবেন্দ্ৰ চাহালৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, যাৰ ওপৰত গুজৰাট টাইটানছে প্ৰথম বিড দিছিল । চেন্নাই ছুপাৰ কিংছকো তেওঁলোকৰ দলত এজন লেগ স্পীনাৰৰ প্ৰয়োজন, গতিকে চেন্নাইয়ে ৫.৫ কোটি টকালৈ উঠিছিল, কিন্তু তাৰ পিছত তেওঁলোক পিছুৱাই যায় । গুজৰাটেও বিশেষ সংকোচ নকৰাকৈ ৬.৭৫ কোটি টকাত মৌন হৈ থাকিল । পঞ্জাব কিংছৰ পাৰ্চত বহু টকা বাকী আছিল, গতিকে অৰ্শদীপ আৰু শ্ৰেয়াছ আয়াৰৰ বাবে কোটি কোটি খৰছ কৰাৰ পিছত চাহালৰ ওপৰতো ব্যয়বহুল বিড দি ১৮ কোটি টকাত ক্ৰয় কৰে ।
ছানৰাইজাৰ্ছ হায়দৰাবাদেও অক্লান্ত প্ৰচেষ্টা চলাইছিল, যিয়ে চাহলক ক্ৰয়ৰ বাবে প্ৰথম ১৪.৭৫ কোটি টকাৰ বিড দিছিল যদিও পঞ্জাৱৰ জোৰত ১৭.৭৫ কোটি টকাত পিছুৱাই যায় । এতিয়ালৈকে আই পি এলৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা বলাৰগৰাকী হৈছে চাহাল । দীৰ্ঘদিনীয়া কেৰিয়াৰত ২০৫টা উইকেট দখল কৰাৰ লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত ২০০ৰো অধিক উইকেট দখল কৰা একমাত্ৰ বলাৰ তেওঁ ।
পঞ্জাৱ কিংছে আলোড়নৰ সৃষ্টি কৰিছে-
আই পি এল ২০২৫ৰ মেগা নিলামত এতিয়ালৈকে পঞ্জাব কিংছে ৩ গৰাকী খেলুৱৈক বৃহৎ অংকৰ বিনিময়ত ক্ৰয় কৰিছে । তেওঁলোকৰ নাম অৰ্শদীপ সিং, শ্ৰেয়াছ আয়াৰ আৰু যুজবেন্দ্ৰ চাহাল । এই ৩ গৰাকী খেলুৱৈৰ বাবে পঞ্জাবে ব্যয় কৰিছে ৬২.৭৫ কোটি টকা । পঞ্জাৱৰ পাৰ্চত এতিয়াও বাকী আছে কেইবা কোটি টকা । নিলামৰ পূৰ্বে পঞ্জাৱে ইতিমধ্যে শশাংক সিং আৰু প্ৰভসীমৰণ সিঙক ধৰি ৰাখিছে । পঞ্জাৱ দলত শ্ৰেয়াছ আয়াৰ, আৰ্শদীপ সিং আৰু যুজবেন্দ্ৰ চাহালৰ ৰূপত তিনিজন হাইপ্ৰফাইল খেলুৱৈৰ আগমনে আগন্তুক ছিজনৰ শীৰ্ষ দল হিচাপে গঢ়ি তুলিব ।