কলকাতা নাইট ৰাইডাৰ্ছে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ বাবে উমৰণ মালিকৰ সলনি (কে কে আৰ) চেতন সকাৰিয়াক দলত যোগ দিছে।উমৰণ মালিক তেওঁৰ আঘাতৰ বাবে চিজনৰ বাবে বাহিৰ হৈছে
সকাৰিয়াই এখন এদিনীয়া আৰু দুখন টি-২০ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ১৯ খন আই পি এল মেচ খেলিছে।য’ত তেওঁ ২০ টা উইকেট দখল কৰিছে।বাওঁহাতৰ মিডিয়াম-ফাষ্ট বলাৰ সাকাৰিয়াই কেকেআৰৰ সৈতে ৭৫ লাখ টকাত যোগদান কৰে।
যোৱা বছৰো সকাৰিয়া কেকেআৰ দলৰ অংশ আছিল, কিন্তু তেওঁ এখনো মেচত খেলা নাছিল আৰু ফ্ৰেঞ্চাইজিয়ে তেওঁক নিলামৰ পূৰ্বে মুকলি কৰি দিছিল।
ইায়াৰ পূৰ্বে চেতন আই পি এলত ৰাজস্থান ৰয়েলছৰ উপৰিও দিল্লী ৰাজধানী আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল।
এতিয়া এইটো চাবলৈ আকৰ্ষণীয় হ’ব যে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা চেতনে কেনেদৰে এই সুযোগত লাভ উঠাব পাৰে।
উমৰণ মালিকে মেগা নিলামত কেকেআৰত যোগদান কৰাৰ পিছত আনন্দ প্ৰকাশ কৰিছিল।তেওঁ যোৱা দুটা ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল, কিন্তু তেওঁৰ প্ৰদৰ্শন হতাশাজনক আছিল।
কেকেআৰত যোগদান কৰাৰ পিছত, উমৰানে অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ তেওঁলোকে তেওঁৰ এটা নতুন সংস্কৰণ দেখিবলৈ পাব।উমৰানে জোৰ দিছিল যে তেওঁ ২০০ শতাংশ ফিট হৈ আছে।