আই পি এল ২০২৫ৰ পূৰ্বে খেলুৱৈৰ মেগা নিলামৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে । বি চি চি আইয়ে জনোৱা মতে এইবাৰ চৌদি আৰৱৰ জেদ্দা চহৰত মেগা নিলাম আয়োজন কৰা হ’ব । এই নিলাম দুদিন ধৰি চলিব । ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই মেগা নিলামত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ১,৫৭৪ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে । ৪ নৱেম্বৰত বন্ধ কৰি দিয়া হৈছিল পঞ্জীয়ন উইণ্ডো । ইয়াৰ পিছতে বি চি চি আইয়ে নিলাম সম্পৰ্কীয় সকলো তথ্য শ্বেয়াৰ কৰিছে ।
সৰ্বাধিক খেলুৱৈ ভাৰতৰ-
এইবাৰ ভাৰতৰ সৰ্বাধিক ১,১৬৫ গৰাকী খেলুৱৈয়ে নিলামৰ বাবে নিজৰ নাম দিছে । পঞ্জীয়ন কৰা বিদেশী খেলুৱৈৰ সংখ্যা হৈছে ৪০৯ জন । ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক ৯১ গৰাকী ক্ৰিকেটাৰ আছে । ৩২০ কেপড, ১,২২৪ আনকেপড আৰু ৩০ এছ’চিয়েট দেশৰ খেলুৱৈয়ে পঞ্জীয়ন কৰিছে । বি চি চি আইয়ে পূৰ্বে জনাইছিল যে মেগা নিলামত পঞ্জীয়ন কৰা খেলুৱৈসকলেহে অহা বছৰ মিনি নিলামৰ বাবে পুনৰ নিজৰ নাম দিব পাৰিব ।
পঞ্জীয়ন কৰা খেলুৱৈ-
কেপড ভাৰতীয় খেলুৱৈ : ৪৮
কেপড আন্তৰ্জাতিক খেলুৱৈ : ২৭২
আনকেপড ভাৰতীয় খেলুৱৈ যাৰ ইতিমধ্যে আই পি এলৰ অভিজ্ঞতা আছে : ১৫২
আনকেপড আন্তৰ্জাতিক খেলুৱৈ যাৰ ইতিমধ্যে আই পি এলৰ অভিজ্ঞতা আছে : ৩
আনকেপড ভাৰতীয় খেলুৱৈ : ৯৬৫
আনকেপড আন্তৰ্জাতিক খেলুৱৈ : ১০৪